ধেমাজি, 29 নৱেম্বৰ : অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাসমূহ বিকাশৰ কাৰণে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে ‘খেল মহাৰণ 2023’ ৷ ইয়াৰ অংশ স্বৰূপে প্ৰথমে গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিভিন্ন খেল প্ৰতিযোগিতা ৷
ইতিমধ্যে পঞ্চায়ত পৰ্যায়ত বিভিন্ন বিভাগৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাচত মঙলবাৰৰ পৰা ধেমাজি জিলাৰ কাছাৰী ময়দানত সমষ্টি পৰ্যায়ৰ বিভিন্ন খেল প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে ৷ উক্ত প্ৰতিযোগিতাত 19 বছৰ অনূৰ্ধ্ব ছোৱালী ভলীবলত 34 গৰাকী আৰু 19 অনূৰ্ধ্ব ল’ৰা কাবাদীত 34 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷
মঙলবাৰে সমষ্টি ভিত্তিক খেল মহাৰণৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিত ফুকনকে ধৰি জিলা শীৰ্ষ বিষয়া কৰ্মচাৰীসকল ৷