জোনাই,১৯ অক্টোবৰ:অতীজৰে পৰা পৰম্পৰাগতভাৱে বাথৌ ধৰ্মাৱলম্বী বড়ো সমাজত মাজত চলি অহা লখিমী আদৰা অনুষ্ঠান ধেমাজি জিলাৰ লগতে জোনাই মহকুমাৰ বিভিন্ন স্থানত বৃহস্পতিবাৰে অতি উলহ-মালহেৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে । বাথৌ মহাসভাৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ উদ্যোগত মধ্য জোনাই আঞ্চলিক সমিতি আৰু বৰদণ্ডী গাঁৱৰ সহযোগত বৰদণ্ডী বাথৌ মন্দিৰত অনুষ্ঠিত কৰা কাতি বিহু আৰু লখিমী আদৰা পৰ্বৰ পুৱা ৯ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে বাথৌ মহাসভাৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ উপ সভাপতি বিলাম্বৰ খেৰকটাৰীয়ে ।
ইয়াৰ পাছতে বাথৌ মহাসভাৰ স্বৰ্গগতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ মহিলা সমিতিৰ সভানেত্ৰী হাংমাশ্ৰী দৈমাৰীয়ে । পুৱা ৯:৩০ বজাত লখিমী আদৰা কাৰ্যসূচীৰ পাছতেই বাথৌ প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় । পুৱা ১১ বজাৰ পৰা বিলাম্বৰ খেৰকটাৰীয়ে সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনা সভাত বাথৌ ধৰ্মত কাতি বিহু আৰু লখিমী আদৰা পৰ্বৰ গুৰুত্ব শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ উপদেষ্টা ললিত চন্দ্ৰ বড়োয়ে কয় এখন ঘৰ বা এটা পৰিয়াল সুষ্ঠভাৱে পৰিচালনা কৰাত ধৰ্মীয় ৰীতি-নীতি সমূহৰ গুৰুত্ব যথেষ্ট আছে ।
এইক্ষেত্ৰত স্বকীয় পৰম্পৰা, আচাৰ-ব্যৱহাৰৰ শুদ্ধতা অনিবাৰ্য বুলিও সাৰুৱা বক্তব্য আগবঢ়ায় । অনুষ্ঠানত বাথৌ ধৰ্মৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক সুষ্ঠ আৰু চৰিত্ৰৱান হিচাপে গঢ়ি তোলা আৰু গুণগত শিক্ষা প্ৰদানত পিতৃ-মাতৃৰ দায়িত্ব শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি চিমেন চাপৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱক্তা কল্পনা স্বৰ্গীয়াৰীয়ে কয় এজন ব্যক্তি সুষ্ঠ সৱল আৰু চৰিত্ৰৱান হ'বলৈ হ'লে পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিব লাগিব বুলি উল্লেখ কৰি উঠি অহা প্ৰজন্মৰ মাজত গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব বুলি বক্তব্য ৰাখি পিতৃ মাতৃয়ে সদায় নিজৰ সন্তানক এগৰাকী সু-নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত দায়িত্বসহকাৰে গুৰুত্ব দিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।