অসম

assam

জোনাইত ব্ৰাউন চুগাৰ সহ দুজন যুৱকক আটক

By

Published : May 30, 2020, 10:20 PM IST

আৱকাৰী আৰু আৰক্ষীৰ অভিযানত জোনাই লাইমেকুৰীৰ পৰা দুজন যুৱক আটক কৰাৰ লগতে কেইবাটাও চুলাই মদৰ ঘাটি উচ্ছেদ কৰে ৷

junai police and excisce department arested durgs suply  boy
জোনাইত ব্ৰাউন চুগাৰ সহ দুজন যুৱকক আটক

জোনাই, 30 মে' : ধেমাজি জিলাৰ জোনাই মহকুমাত জোনাই আৰক্ষী আৰু আৱকাৰী বিভাগে বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে এক যুটীয়া অভিযান চলায় ৷ এই অভিযানত লাইমেকুৰীত প্ৰায় ১০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰাৰ লগতে ফিজু দলে (২৫) আৰু টেনিছ চাৰহ (২৬) নামৰ দুজন যুৱকক নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় ৷

জোনাইত ব্ৰাউন চুগাৰ সহ দুজন যুৱকক আটক

ইফালে অভিযানৰ সময়ত কেইবাটাও চুলাই মদৰ ঘাটি উচ্ছেদ কৰে ৷ আনহাতে ৰাইজৰ মাজত কৰ‘ণা আতংক চলি থকাৰ সময়তে দৈনিক গাওঁ সমূহত অগণন লোকৰ ভিৰ হৈ নিচাযুক্ত দ্ৰব্য সেৱন আৰু চুলাই মদৰ আড্ডা দেখা যায় । জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু আৰু আৱকাৰী বিষয়া বুদ্ধেশ্বৰ মিলিৰ যুটীয়া নেতৃত্বত যোৱা দলটোৱে মহমৰা, লাইমেকুৰী আৰু গালীত অভিযান চলাই ড্ৰাগছ সেৱন কৰা যুৱক দুজনক আটক কৰি ব্ৰাউন চুগাৰৰ লগতে প্ৰায় ৫০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰে ৷

আৰক্ষী আৰু আৱকাৰী বিভাগে দুয়োজন যুৱককে আটক কৰি 262/20 আৰু U/S-2(b) NDPS Act. অধীনত এক গোচৰ ৰুজু কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ জন্মদিন বিশেষ: অভিনেতা পৰেশ ৰাৱলৰ অভিনয়ক স্মৰণ

ABOUT THE AUTHOR

...view details