জোনাই, 9 আগষ্ট : ছমাহ কাল ধৰি নিৰুদ্দেশ হৈ থকা জোনাই মহকুমাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত 1 নং জামুগুৰী গাঁৱৰ এজন শিশু পঞ্জাৱৰ শিশু সৰবৰাহকাৰীৰ হাতত আৱদ্ধ হৈ থকা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । উল্লেখ্য যে,যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহতে চিমেন চাপৰি থানাৰ অন্তৰ্গত ৰামধন দিখাৰীৰ 1 নং জামুগুৰী গাঁৱৰ প্ৰদীপ মুছাহাৰী পুত্ৰ চিমেন চাপৰি ইউ এন একাডেমিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ চুদেম মুছাহাৰীয়ে ছাত্ৰাবাসৰ পৰা পলাই যায় ।
নিৰুদ্দেশ হোৱা ছাত্ৰগৰাকী পঞ্জাৱৰ অমৃতসৰ জিলাৰ মেছা আৰক্ষী থানাৰ গৌমিয়া অঞ্চলৰ গাগৰপানা গাঁৱৰ যশপাল সিঙৰ ঘৰত কাম কৰা ল’ৰা হিচাপে নিয়োজিত হৈ আছিল বহু দিন । ক'ভিড-19 ৰ বাবে কৰ্মসংস্থাপন হেৰুৱাব লগা হোৱাত চুদেম মুছাহাৰীয়ে পঞ্জাৱৰ যশপাল সিঙৰ ঘৰৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ পিছত পূৰ্বৰ পৰাই মালিকক খবৰ লৈ অহা পৰিয়ালৰ লোকে পুত্ৰৰ খবৰ লওঁতে তিনি দিনৰ আগতে তেওঁৰ ঘৰৰ পৰা শিশু শ্ৰমিকগৰাকী গুচি যোৱা বুলি ফোনৰ যোগে জানিবলৈ দিয়ে ।
যোৱা জুলাই মাহৰ 8 তাৰিখে চুদেম মুছাহাৰীৰ ফোনৰ পৰা অজ্ঞাত লোকে পৰিয়ালক হিন্দী ভাষাতে জনাই যে চুদেম মুছাহাৰী আমাৰ লগত আছে আৰু ল’ৰাজনে টকা হৰলকি কৰিছে ল'ৰাটোক পাবলৈ দুই লাখ টকাৰ ধন দাবী কৰে পৰিয়ালক ।