জীয়াঢলৰ একঁকাল পানীৰ প্ৰৱল সোঁত নেওচি আগবাঢ়ি আহিছে দহজনীয়া সাংবাদিকৰ এটা দল - ধেমাজি বান
বানৰ পৰা সকাহ লাভ কৰিবলৈ বিশেষ ব্যৱস্থা অৱলম্বনৰ প্ৰচেষ্টা সাংবাদিকৰ দলটোৰ
ধেমাজি ,17 আগষ্টঃ গভীৰ জীয়াঢলৰ প্ৰৱল সোঁত ফালি আগবাঢ়িছে দহজনীয়া সাংবাদিকৰ এটা দল । পানীৰ সোঁত আৰু বালিচৰৰ মাজে মাজে নল - লিহিৰা ,খাগৰি , তপত বালি , বোকা আৰু কাঁইটীয়া তৃণ ভূমিৰ ওপৰেৰে খালি ভৰিৰে বিপদ সংকুল যাত্ৰা সাংবাদিকৰ দলটোৰ । দলটোত আছে এগৰাকী পঞ্চাশৰো উৰ্ধৰ জ্যেষ্ঠ সাংবাদিক । স্থানীয় লোকৰ সহায়ত তেওঁক লৈ যোৱা হৈছে ভয়াৱহ জীয়াঢলৰ পানীৰ মাজেৰে গন্তব্য স্থানলৈ । উল্লেখ্য যে,খৰস্ৰোতা নদীখনৰ এইয়া উজনিৰ বিশেষ অংশৰ দৃশ্য । ইয়াতে আছে নদীখনৰ তিনিটাকৈ বিশাল খৰস্ৰোতা সুঁতি । ইয়াৰ পৰাই পৃথকে পৃথকে গৈ প্ৰতি বছৰে বাৰিষাত নামনিৰ ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে জীয়াঢল নদীয়ে । এইবাৰো কিছুদিনৰ পূৰ্বে এখন হাইস্কুলৰ এটা সম্পূৰ্ণ গৃহ খহাই নি ক্ষতিগ্ৰস্ত কৰিছে । সেয়ে জীয়াঢলে গতি পথ সলনি কৰাৰ উৎস বিচাৰি এই বিপদ সংকুল যাত্ৰা কৰিছে । এই যাত্ৰাত সহযোগ কৰে ধেমাজিৰ সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুয়ে। জানিব পৰা মতে, জিলাখনৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যা জীয়াধলৰ বান সমস্যাৰ প্ৰকৃত কাৰণ অধ্যয়ন নকৰাকৈ নদীখন নিয়ন্ত্ৰণ কৰা অসম্ভৱ ।সেয়ে স্থানীয় ৰাইজৰ সহযোগত উজনিৰ নদীখনৰ বিশেষ স্থানত বাঁহেৰে নদীৰ সুঁতিৰ গতিপথ সলনি কৰি পূৰ্বৰ সুঁতিত বোৱাই দিবৰ বাবে নিজা প্ৰচেষ্টাৰে এনেদৰে এক নতুন পৰিকল্পনা গ্ৰহন কৰিছে ৷