অসম

assam

ETV Bharat / state

আৰক্ষী চকীত সাংবাদিকক আক্ৰমণ দুষ্কৃতিকাৰীৰ - আৰক্ষী চকীত সাংবাদিকক আক্ৰমণ

ধেমাজিত সংঘটিত সাংবাদিক নিৰ্যাতনৰ ঘটনা ৷ আৰক্ষী চকীৰ চৌহদৰ ভিতৰত সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ ৷

আৰক্ষী চকীত সাংবাদিকক আক্ৰমণ দুষ্কৃতিকাৰীৰ

By

Published : Nov 13, 2019, 12:56 AM IST

ধেমাজি,12 নৱেম্বৰঃ ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাইছে সাংবাদিক আক্ৰমণৰ ঘটনা ৷ এইবাৰ ধেমাজিত সংঘটিত হ'ল সংবাদকৰ্মী নিৰ্যাতনৰ ঘটনা ৷ আচৰিত কথা যে, খোদ আৰক্ষী চকীৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে নিৰীহ সাংবাদিকক ৷

আৰু চাওকবৰপেটাৰ পৰা মন্দিয়া অভিমুখী ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড

ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ আৰক্ষী চকীত সোমবাৰে নিশা সংঘটিত হৈছিল এই ভয়ংকৰ অবাঞ্চিত ঘটনা ৷ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি চিচিবৰগাঁও আৰক্ষী চকীত নিশা এদল লোকে প্ৰতিবাদ কৰি থকাৰ খবৰ পাই কৰ্তব্যৰ খাতিৰত থানালৈ যায় চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্ত ৷ এনেসময়তে অৰ্তকিতে ১০/১৫ জনীয়া দুষ্কৃতিকাৰীয়ে সাংবাদিকগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰাত কোনোমতে দুষ্কৃতিকাৰীৰ কবলৰ পৰা নিজকে ৰক্ষাৰ কৰাৰ বাবে থানাৰ ভিতৰৰ নিৰ্দিষ্ট আৰক্ষীৰ কোঠাত গৈ আশ্ৰয় গ্ৰহণ কৰে সাংবাদিকগৰাকীয়ে ৷ দেহৰ কেইবাঠাইত আঘাতপ্ৰাপ্ত হৈ অসুস্থ হৈ পৰা সাংবাদিকগৰাকীক নিশাই চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷

আৰক্ষী চকীত সাংবাদিকক আক্ৰমণ দুষ্কৃতিকাৰীৰ

সাংবাদিকগৰাকীৰ ঘৰত মংগলবাৰে ধেমাজি প্ৰেছ ক্লাৱৰ সদস্যকে ধৰি জিলা সাংবাদিক সংস্থাৰ উপ-সভাপতি আৰু সম্পাদকে বুজ লবৰ বাবে উপস্থিত হয় ৷ ইতিমধ্যেই ঘটনাৰ সন্দৰ্ভত সাংবাদিকগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ৷ আনফালে দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ বাবে ধেমাজি আৰক্ষী অধীক্ষক আৰু চিচিবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক দাবী জনোৱাৰ লগতে স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷

আৰু চাওকবৰপেটাৰ পৰা মন্দিয়া অভিমুখী ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড

উল্লেখ্য যে যোৱা ৫ নৱেম্বৰত চিচিবৰগাঁৱৰ লালুং গাৱঁত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত মৰিধলৰ ৰাজু গগৈ নামৰ এজন লোকৰ মৃত্যু হৈছিল। দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত নিশা আৰক্ষী চকী ঘেৰাও কৰিছিল একাংশ উন্মত্ত লোকে ৷ প্ৰতিবাদকাৰীয়ে আৰক্ষী চকীত শিলাবৰ্ষনৰ চেষ্টা কৰিছিল আৰু উক্ত বাতৰি সংগ্ৰহৰ বাবে যাওঁতেই নীৰিহ সাংবাদিকগৰাকীক বৰ্বৰ আক্ৰমণ কৰিছিল একাংশ উন্মক্ত লোকে ৷ ইতিমধ্যে এই ঘটনাই জোকাৰি গৈছে ধেমাজি জিলা ৷ বিভিন্ন সামাজিক দল-সংগঠনে উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী তুলিছে ৷

ABOUT THE AUTHOR

...view details