অসম

assam

ধেমাজি সাংবাদিক নিগ্ৰহৰ ঘটনা:আটক কৰিব পৰা নাই অভিযুক্তক

By

Published : Nov 14, 2019, 6:25 PM IST

ধেমাজিত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা, ৰাজ্যখনৰ ধেমাজি জিলাত এই ঘটনা সংঘটিত হয়,ঘটনাৰ বলি হোৱা সাংবাদিক গৰাকী হৈছে বনমালী মহন্ত,ভুক্তভোগী সাংবাদিক গৰাকীয়ে আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি মন্তব্য প্ৰকাশ কৰে ৷

খোদ আৰক্ষী চকীৰ চৌহদতে নিৰাপত্তা নাই সাংবাদিকৰ

ধেমাজি, ১৪ নৱেম্বৰ : ধেমাজি জিলাত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ ঘটনাৰ বলি হয় বনমালী মহন্ত নামৰ এজন সাংবাদিক ৷ এই ঘটনাৰ ৪৮ ঘন্টা অতিক্ৰম কৰাৰ পিছতো দোষীক কৰায়ত্ত কৰিব পৰা নাই ধেমাজিৰ চিচিবৰগাঁও আৰক্ষীয়ে ৷ ভুক্তভোগী সাংবাদিক গৰাকী বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

খোদ আৰক্ষী চকীৰ চৌহদতে নিৰাপত্তা নাই সাংবাদিকৰ

পৰিতাপৰ বিষয় যে, চিচিবৰগাঁও আৰক্ষী চকীৰ ভিতৰে-বাহিৰে আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো থানা চৌহদতে সাংবাদিক নিগ্ৰহৰ ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে,সেয়া লক্ষণীয় বিষয় ৷ দুৰ্বৃত্তই বেয়াকৈ মাৰধৰ কৰাৰ ফলত সাংবাদিক গৰাকী আহত হয় ৷ ঘটনাটোৱে ইতিমধ্যে ধেমাজিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দোষীৰ উপযুক্ত শাস্তি দাবীত বুধবাৰে ধেমাজি জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰে সাংবাদিকৰ এটা দলে ৷ ইপিনে ভুক্তভোগী সাংবাদিক গৰাকীয়ে আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি মন্তব্য প্ৰকাশ কৰে ৷ ঘটনাৰ পিছৰ পৰা সাংবাদিক গৰাকী নিৰাপত্তাহীনতাত ভোগাৰ কথা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত ৷

লগতে চাওক:দৰং আৰক্ষীৰ সাফল্য: গ্ৰেপ্তাৰ চাহপাত ভৰ্তি ট্ৰাক চুৰিকাণ্ডৰ মূল নায়ক

ABOUT THE AUTHOR

...view details