অসম

assam

ETV Bharat / state

পবা বনাঞ্চলত 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন - চিয়াং নদীৰ নৈসৰ্গিক দৃশ্য

জোনাইত প্ৰকৃতিপ্ৰেমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ হাতে হাতে ৰঙ, ব্ৰাচ আৰু অৰ্কিড লৈ পবা বনাঞ্চলৰ সৌন্দৰ্য বৰ্ধনৰ চেষ্টা যুৱকৰ এটা দলৰ ৷ প্ৰায় 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন যুৱকৰ দলটোৰ ৷

orchid plantation poba reserve fores
পবা বনাঞ্চলত 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন

By

Published : Dec 10, 2020, 9:59 AM IST

জোনাই, 10 ডিচেম্বৰ:প্ৰকৃতিপ্ৰেম আৰু সচেতন নাগৰিকৰ নিদৰ্শন দাঙি ধৰি বৰ্ষাৰণ্য পবা বনাঞ্চলৰ সৌন্দৰ্য বৰ্ধন কৰাৰ বাবে জোনাইৰ এদল যুৱকে হাতত লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা ৷ বনাঞ্চল খনৰ শোভা বৰ্ধন কৰাৰ লগতে এক আকৰ্ষণীয় পৰ্যটন থলীলৈ গঢ় দিয়াৰ লক্ষেৰে হাতে হাতে ৰঙ, ব্ৰাচ আৰু অৰ্কিডৰ পুলি লৈ বনাঞ্চলখনত যুৱকৰ দলটোৱে ৰোপন কৰিছে লুপ্তপ্ৰায় অৰ্কিড ৷

যুৱকৰ দলটোৱে ৰোপন কৰিছে 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড

ইতিমধ্যে বনাঞ্চলখনত প্ৰায় 30 ৰো অধিক অৰ্কিড ৰোপন কৰিছে বুলি যুৱকৰ দলটোৱে জানিবলৈ দিয়ে ৷ তেওঁলোকে কয় যে, ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা জোনাইৰ সংৰক্ষিত বনাঞ্চল খনলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ মানসেৰে তেওঁলোকে হাতে হাতে ব্ৰাচ লৈ গছসমূহত ৰঙ বুলোৱাৰ লগতে লুপ্তপ্ৰায় অৰ্কিড ৰোপনৰ পদক্ষেপ হাতত লৈছে ৷

উল্লেখ্য যে পবা বনাঞ্চলৰ তিনিখন বিটৰ অন্যতম আকর্ষণৰ স্থান হল চিয়াং নদীৰ কাষত থকা তিনিমাইল বিট । প্ৰতি বছৰে চিয়াং নদীৰ কাষত থকা পবা বনাঞ্চলৰ তিনিমাইল বিটত অসমৰ বিভিন্ন প্রান্তৰ স্কুল-কলেজৰ ছাত্র-ছাত্রী ক্ষেত্র অধ্যয়নৰ বাবে অহা পৰিলক্ষিত হয় ৷

বনভোজৰ বাবেও এক উপযুক্ত স্থান তিনিমাইল বিটৰ চিয়াং নদীৰ পাৰত পৰ্যটকৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ স্থানীয় লোকৰ সমাগম দেখিবলৈ পোৱা যায় ৷ চিৰ সেউজীয়া পবা বনাঞ্চল তথা কাষতে থকা চিয়াং নদীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে যুৱকৰ এই দলটোৱে বিগত এসপ্তাহ ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:সমষ্টিত নিম্ন মানৰ পকী পথ নিৰ্মাণে জ্বলা কলা খুৱাইছে ভূৱন পেগুক

ABOUT THE AUTHOR

...view details