বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক জোনাই 4, আগষ্ট :কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যলৈ গৈ অসমৰ বহু যুৱক নিৰুদ্দেশ হোৱা নাইবা বহুতে অকাল মৃত্যুক সাৱতি ল’ব লগীয়া হোৱা ঘটনা নতুন কথা নহয় । প্ৰায়েই এনে ঘটনাৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যলৈ গৈ কেইবাবছৰ ধৰি নিৰুদ্দেশ হৈ থকা এজন যুৱকৰ কথা ৷
নিৰুদ্দেশ হৈ থকা এই যুৱকজন হৈছে জোনাইৰ তেলাম 2 নং বৰাতি গাঁৱৰ দিলীপ দলে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । জানিব পৰা মতে, 2016 চনৰ কথা ৷ কৰ্মসূত্ৰে জোনাইৰ 2 নং বৰাতি গাঁৱৰ দিলীপ দলে ঘৰৰ পৰা ওলাই গৈছিল বাংগালুৰুৰ দিশে ৷
দিন-মাহ এনেকৈয়ে বাগৰিল ৷ কামৰ পৰা আজৰি হৈ মাজে-সময়ে দিলীপে টেলিফোনৰ জৰিয়তে ঘৰৰ খা-খৱৰ লৈ থাকে ৷ কিন্তু হঠাৎ 2018 চনৰ এটা দিনত বন্ধ হৈ পৰে দিলীপৰ ম’বাইল ৷ সেই তেতিয়াৰ পৰাই আজি পৰ্যন্ত দিলীপ দলেৰ ফোনৰ চুইটচ অফ হৈ আছে ৷ ফলত দিলীপৰ পত্নী তথা ঘৰৰ পৰিয়ালৰ কোনো লোকে পোৱা নাই দিলীপ দলেৰ সুংসূত্ৰ ৷
2018 চনৰ পৰাই নিৰুদ্দেশ হৈ থকা দিলীপৰ কোনো সুংসূত্ৰ নোপোৱাত মানসিকভাৱে ভাগি পৰিছে দিলীপৰ পৰিয়াল তথা পত্নী ৷ দিলীপৰ পৰিয়াল তথা পত্নীৰ সন্দেহ দিলীপ দলেক বাংগালুৰুতে কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰিছে ৷ ইফালে দুই সন্তানক লগত লৈ দিলীপ অবিহনে তেওঁৰ পত্নীয়ে কোনোমতে ঘৰ-সংসাৰ চলাই আছে ৷ সেয়ে এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নজৰ দিবলৈ অনুৰোধ জনাইছে দিলীপ দলেৰ পত্নী তথা আত্মীয়ই ৷
লগতে পঢ়ক :Tinsukia youth missing in Kolkata: এবছৰে সন্ধান নাই গোপাল মাহাতোৰ; আহিছিল কলকাতালৈ