জোনাই ১১ নৱেম্বৰ:অন্ধ্ৰপ্ৰদেশত পুনৰ ৰহস্য়জনকভাৱে মৃত্য়ু হৈছে ধেমাজি জিলাৰ জোনাইৰ এজন যুৱকৰ । কৰ্ম সংস্থাপনৰ সন্ধানত অন্ধ্ৰপ্ৰদেশত গৈ এজন যুৱকে আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লোৱা এক ঘটনাই শোকৰ ছাঁ পেলাইছে জোনাইৰ লাইমেকুৰী অঞ্চলত ৷ জানিব পৰা মতে, জোনাইৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মিৰি টাকঃ গাঁৱৰ পিতৃ-মাতৃহাৰা তথা দৰিদ্ৰ পৰিয়ালৰ মোহন পায়েং নামৰ ২১ বছৰীয়া এজন যুৱকে ভৱিষ্যতৰ অনেক ৰঙীন সপোন ৰচি গাঁৱৰে আন এজন লগৰ সৈতে চলিত বৰ্ষৰ জানুৱাৰীত কৰ্মৰ সংস্থাপনৰ সন্ধানত ঢাপলি মেলিছিল বহিঃৰাজ্য অন্ধ্ৰপ্ৰদেশলৈ ৷
কিন্তু অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ বিমাবাহাৰা নামৰ ঠাইত এখন মীন পালন কেন্দ্ৰত যোৱা ৯ মাহে কৰ্মৰত মোহন পায়েঙৰ শুক্ৰবাৰে মীন পালনস্থলীতে সন্দেহজনকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় । মীন পালনস্থলীতে সন্দেহজনকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা অৱস্থাত মীন পালন কেন্দ্ৰটোৰ স্বত্বাধিকাৰীগৰাকীয়ে উদ্ধাৰ কৰে ৷ পিচত তেওঁ এই পৰিয়ালটোক উক্ত ঘটনাৰ বিষয়ে মোবাইল ফোন যোগে অৱগত কৰে । ইফালে, যুৱকজনৰ এনে ৰহস্যজনক মৃত্যুক সহজভাবে ল'ব পৰা নাই পৰিয়াল তথা লাইমেকুৰী অঞ্চলৰ ৰাইজে ৷