অসম

assam

ETV Bharat / state

জোনাইত যুদ্ধংদেহী মহিলাঃ জ্বলাই দিলে ভাং খেতি

জোনাইৰ পুৰণা জেলমৰ মহিলাসকলে অঞ্চলটোৰ প্ৰতি ঘৰ লোকৰ লগতে চাহ বাগানৰ কাষত থকা ভাং খেতি কাটি জ্বলায় দিয়ে, অঞ্চলটোৰ যুৱ-প্ৰজন্মক নিচা জাতীয় সামগ্ৰীৰ পৰা আঁতৰত ৰখাৰ বাবে মহিলাসকলে হাতত লয় এই পদক্ষেপ

By

Published : May 25, 2019, 10:01 PM IST

জোনাইত মহিলাই জ্বলাই ভাং খেতি

জোনাই,২৫মে' : শনিবাৰে জোনাইৰ পুৰণা জেলমৰ মহিলাসকলে হাতত লয় এক অভিনৱ পদক্ষেপ । মহিলাসকলে পুৰণা জেলম গাঁৱৰ বহু লোকৰ ঘৰৰ লগতে চাহ বাগানৰ কাষত থকা বহু ভাং খেতি কাটি তহিলং কৰাৰ উপৰিও জ্বলায় দিয়ে । মহিলাসকলৰ মতে, তেওঁলোকে জ্বলাই দিয়া ভাং খিনিৰ মূল্য প্ৰায় ৫ লাখ হ'ব আৰু এই ভাংখিনি কেৱল যুৱ প্ৰজন্মৰ জীৱন ৰক্ষাৰ বাবেহে জ্বলাই দিয়া হৈছে । ইফালে, অঞ্চলটোত ধাৰাবাহিকভাৱে ভাং বিৰোধী অভিযান অব্যহূত ৰাখিব বুলি মহিলাসকলে মন্তব্য কৰি অঞ্চলটোৰ সকলো মহিলাক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

জোনাইত মহিলাই জ্বলাই ভাং খেতি

ABOUT THE AUTHOR

...view details