অসম

assam

উদুলি মুদুলি পৰিবেশৰ মাজৰে জোনাইত টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

By

Published : Jan 17, 2021, 10:53 AM IST

উদুলি মুদুলি পৰিবেশৰ মাজৰে শনিবাৰে জোনাইত টিএমপিকেৰ সোনালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ ৷ সভাত অংশগ্ৰহণ কৰি ড৹ হৰকান্ত পেগুৱে ক’লে, ধৰ্ম হেৰালে সংস্কৃতি হেৰায় আৰু সংস্কৃতি হেৰালে নিজৰ নীতি আদৰ্শ হেৰায়; গতিকে আমি নিজ ধৰ্ম আৰু সাংস্কৃতিক ৰক্ষা কৰিব লাগিব ৷

জোনাইত উদুলি মুদুলি পৰিবেশৰ মাজৰে টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
জোনাইত উদুলি মুদুলি পৰিবেশৰ মাজৰে টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

জোনাই,১৬ জানুৱাৰী:জোনাইত শনিবাৰৰ পৰা উদুলি মুদুলি পৰিবেশৰ মাজেৰে আৰম্ভ হৈছে মিচিং জাতীয় ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাং (টিএমপিকে)ৰ সােণালী জয়ন্তী বর্ষ উদযাপনৰ শুভাৰম্ভ কাৰ্যসূচী । ১৬ আৰু ১৭ জানুৱাৰীত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৷

জোনাইত উদুলি মুদুলি পৰিবেশৰ মাজৰে টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

সোনালী জয়ন্তী বৰ্ষৰ দুদিনীয়া কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা ৭:৩০ বজাত স্বেচ্ছাসেৱক সকলৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ পুৱা ৯:০০ বজাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপ-সভাপতি যজ্ঞেশ্বৰ কুটুমৰ পতাকা প্ৰদৰ্শনেৰে বগীবিলৰপৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰলৈ চাইকেল ৰেলীৰো শুভাৰম্ভ কৰা হয় ৷ একেদৰে পুৱা ১০:৩০ বজাত টিএমপিকেৰ সাধাৰণ সম্পাদক তিলক দলেৰ পতাকা প্ৰদৰ্শনৰ লগতে BLACK HURRICANE আৰু ROYAL RIDERS JONAI ৰ নেতৃত্বত ডিমৌ চাৰিআলিৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰলৈ তিনিহাজাৰ বাইক ৰেলী উপস্থিত হয় ৷

ইফালে কার্যসূচীৰ দ্বিতীয় দিনা 17 তাৰিখে মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড৹ হিমন্তবিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী সাংসদ, বিধায়কেও অংশ গ্রহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ভিআইপিত ছাত্ৰ সমাজৰ উত্তৰণৰ হকে উদ্যান শস্যৰ উপবন মুকলি

ABOUT THE AUTHOR

...view details