জোনাই, 6 অক্টোবৰঃসোমবাৰে জোনাইত অসম শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে মুৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষক সন্মলনীয়ে দুঘন্টীয়া এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ মুৰ্কংচেলেক খণ্ড শিক্ষা কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ জোনাই মহকুমাৰ শতাধিক শিক্ষকে হাতে হাতে প্লেকাৰ্ড লৈ তেঁওলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰে ৷
জোনাইত শিক্ষক সন্থাৰ দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী - Jonai Teacher's Association
মুৰ্কংচেলেক খণ্ড শিক্ষা কাৰ্যালয়ত পুবা ১১ বজাৰ পৰা ১ বজালৈ জোনাই মহকুমাৰ শতাধিক শিক্ষকে হাতে হাতে প্লেকাৰ্ড লৈ তেঁওলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
![জোনাইত শিক্ষক সন্থাৰ দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী Jonai Teacher's Association protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9064989-thumbnail-3x2-j.jpg)
জোনাইত শিক্ষক সন্থাৰ দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী
সপ্তম দৰমহা আয়োগৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলক গ্ৰেড পে আদায় দিয়া, ২০১৯ বৰ্ষৰ বৃত্তি পৰীক্ষা ঘোষণা কৰা, সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি নীতি বাহাল ৰাখাকে আদি কৰি ৭ টা দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷