অসম

assam

By

Published : Mar 11, 2020, 4:52 PM IST

ETV Bharat / state

গছৰ পাতেৰে থাল-বাতি তৈয়াৰ কৰি স্বাৱলম্বী জোনাইৰ যুৱক

স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰাৰ লগতে প্লাষ্টিক তথা প্ৰদূষণ মুক্ত অসম গঢ়াৰ লক্ষ্যত অগ্ৰসৰ হোৱা যুৱক সূৰজৰ কথাৰে.....

jonai suraj special story
গছৰ পাতেৰে থাল-বাতি তৈয়াৰ কৰি স্বাৱলম্বী জোনাইৰ যুৱক

জোনাই,11 মাৰ্চঃনিজে স্বাৱলম্বী হোৱাৰ লগতে প্ৰদূষণ ৰোধত অৰিহণা যোগাইছে জোনাইৰ এজন যুৱকে ৷ জোনাইৰসূৰজ কুমাৰ পাণ্ডে নামৰ এজন যুৱকে গছৰ পাতেৰে নিৰ্মাণ কৰিছে এবাৰ ব্যৱহাৰযোগ্য থাল-বাতি ৷ প্লাষ্টিক তথা প্ৰদূষণ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে গছৰ পাতেৰে থাল-বাতি তৈয়াৰ কৰা এখন ক্ষুদ্ৰ কাৰখানা ৷ যি সময়ত শিক্ষিত নিৱনুৱাই কৰ্মসংস্থাপনৰ অভাৱত দিক-বিদিক হেৰুৱাইছে তেনে সময়তে ধেমাজি জিলাৰ এজন অসমীয়া যুৱকে হাতত লৈছে এই বিশেষ প্ৰচেষ্টা ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত এইগৰাকী শিক্ষিত নিৱনুৱা যুৱকে নিজকে স্বাৱলম্বী কৰাৰ লগতে আগবাঢ়িছে এখন প্লাষ্টিক আৰু প্ৰদূষণ মুক্ত অসম গঢ়াৰ দিশে ৷ সূৰজে প্ৰথমে খেতি-বাতি আৰু পিছত এখন কোপোৰৰ দোকান দি ঘটা পইছাৰে এটা মেচিন কিনে পাতৰ পৰা এই থাল-বাতিসমূহ নিৰ্মাণৰ বাবে ৷

স্বাৱলম্বিতাৰ নিদৰ্শন

৩ নং মূৰ্কংচেলক গাঁৱৰ নিবাসী নেত্ৰ প্ৰসাদ পাণ্ডে আৰু দুৰ্গা দেৱী পাণ্ডেৰ পুত্ৰ সূৰজ কুমাৰ পাণ্ডে প্ৰথম অৱস্থাত মাৰ্কেটিঙৰ পৰা পাত গোটোৱাৰ কাম নিজেই কৰিছিল ৷ এতিয়া তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য তিনিগৰাকীক যুৱকক কৰ্মসংস্থাপন দি স্বাৱলম্বী কৰি তুলিছে তেওঁলোককো ৷

জোনাইৰ এই ক্ষুদ্ৰ কাৰখানাত তৈয়াৰ কৰা থাল-বাতিসমূহে যথেষ্ট সমাদৰ লাভ কৰিছে জোনাই,চিলাপথাৰ,ধেমাজি,লখিমপুৰৰ লগতে চুবুৰীয়া ৰাজ্য আৰুণাচলৰ পাচিঘাটৰ বিভিন্ন ঠাইত ৷ উল্লেখ্য যে,এই ক্ষুদ্ৰ কাৰখানাটোত দৈনিক ১৫০০০ হাজাৰ গছৰ পাতেৰে তৈয়াৰ কৰা হয় থাল-বাতিসমূহ ৷ এনেদৰে এতিয়া নিজৰ লগতে আন তিনিজন যুৱকৰো সংস্থাপনৰ বাট মুকলি কৰিছে জোনাইৰ সূৰজে ৷

লগতে পঢ়কঃকেনে আছে যোৰহাটৰ এম ভি মহাবাহু ?

ABOUT THE AUTHOR

...view details