জোনাই, 6 মে’ :বেদখলকাৰীৰ কৱলত পৰিছে জোনাইৰ কেইবাটাও চৰ-চাপৰি ৷ বেদখলৰ ফলত অঞ্চলটোত বিভিন্ন সময়ত নানা সমস্যাই গা কৰি উঠা দেখিবলৈ পোৱা গৈছে ৷ সেয়ে এই সমস্যা সমাধান কৰাৰ বাবে বৃহস্পতিবাৰে জোনাইৰ কেইটাও চৰ-চাপৰিত আৰক্ষী-অৰ্ধসামৰিক বাহিনী লৈ বেদখলকাৰীৰ বিৰুদ্ধে জোনাই মহকুমা প্ৰশাসনে চলায় এক অভিযান (Operation against illegal encroachers at Jonai)৷
তথ্য অনুসৰি, জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুনমুনি-মাজিআলি চৰাঞ্চলত চৰণীয়া ভূমি একাংশ লোকে বেদখল কৰাক কেন্দ্ৰ কৰি গো-পালক আৰু বেদখলকাৰীৰ মাজত বহু বছৰ ধৰি অব্যাহত আছে সংঘাত ৷ জোনাইৰ মুনমুনি-মাজিআলি চৰাঞ্চলত চৰকাৰীভাৱে আৱন্টিত চৰণীয়া ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত বিভিন্ন সময়ত উক্ত ভূমিত থকা প্ৰায় শতাধিক গো-পালকে ৰূপায়ণ কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী ৷
এনে সময়তে গো-পালকসকলৰ অভিযোগৰ ভিত্তিত জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ মহকুমাধিপতিৰ নেতৃত্বত মুনমুনি, মাজিআলি চৰ-চাপৰিত চলাই বেদখলকাৰী বিৰুদ্ধে অভিযান ৷ ইফালে অভিযানৰ সময়ত মুনমুনি, মাজিআলি আদি অঞ্চলত গো-পালকসকলৰ বাবে জোনাই ৰাজহ বিভাগে আৱন্টিত চৰণীয়া ভূমিত একাংশ লোকে অবৈধভাৱে বেদখল কৰি ঘৰ-বাৰী, খেতি-বাতি কৰি থকা প্ৰত্যক্ষ কৰে ৷