অসম

assam

ETV Bharat / state

জোনাইত শিক্ষাবৰ্ষৰ আঠ মাহৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান - শিক্ষাবৰ্ষ

কেমি জেলম মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক । শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আঠ মাহ উকলি যোৱাৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান । যাৰ বাবে অসুবিধাত পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল ৷

জোনাইত শিক্ষাবৰ্ষৰ আঠ মাহৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান

By

Published : Aug 21, 2019, 9:44 PM IST

জোনাই,21আগষ্টঃ ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়ত বৰ্তমানো আৰম্ভ হোৱা নাই বহুকেইটা বিষয়ৰ পাঠদান । ১৯৭৯ চনতে স্থাপিত হোৱা বিদ্যালয়খনত ৬ জন শিক্ষকৰ বিপৰীতে বৰ্তমান ২ জন শিক্ষকেই শিক্ষাৰ্থীক শিক্ষাপ্ৰদান কৰিবলগীয়া হোৱাত পাঠদানৰ পৰা বঞ্চিত হ'বলগা হৈছে শিক্ষাৰ্থী | যাৰ বাবে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নথকাত ছা়ত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে । শিক্ষাবৰ্ষ প্ৰায় শেষ হ'বলৈ হৈছে কিন্তু বৰ্তমানেও বহু বিষয়ৰ পাঠদানেই আৰম্ভ হোৱা নাই ।

জোনাইত শিক্ষাবৰ্ষৰ আঠ মাহৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান

উল্লেখ্য যে বৃহত্তৰ কেমি জেলম অঞ্চলটোৰ ৭ খন প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা গ্ৰহণৰ কাৰণে কেমি জেলম মাধ্যমিক ইংৰাজী বিদ্যালয়লৈকে আহে | চলিত বৰ্ষত মুঠ ১১৬ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে বিদ্যালয়খনত । আনহাতে কেমি জেলম মাধ্যমিক দুগৰাকী শিক্ষকেই পাঠদান কৰিব লগীয়া কাৰ্যই স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে লগতে শীঘ্ৰে বিদ্যালয়খনত নতুন শিক্ষক নিযুক্তিৰ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details