জোনাই,২০ জুলাই : এক নিৰিবিলি পৰিৱেশত চৰাই-চিৰিকতিৰ গুঞ্জনেৰে মুখৰিত হৈ পৰিছে জোনাইৰ নদীদ্বীপ কবু চাপৰিৰ চৌদিশ । গছৰ ডালৰ আৰে আৰে বহি দেশী-বিদেশী চৰাইয়ে প্ৰকৃতিৰ গীত গাই যেন আপোন পাহৰা হৈ পৰিছে ৷ জোনাইৰ নদীদ্বীপ কবু চাপৰিত যোৱা প্ৰায় ৪-৫ দশক ধৰি বেদখলভাৱে মানুহৰ জনবসতি আৰু অবাধ বন ধ্বংসযজ্ঞৰ ফলত বছৰ বছৰ ধৰি কবু চাপৰিৰ পৰা লুপ্ত হৈ আছিল প্ৰকৃতিকূল ৷
অলপতে বন বিভাগে কবু চাপৰিত বেদখলভাৱে বসবাস কৰি থকা লোকসকলক বেদখলমুক্ত কৰাৰ পিচতে জনশূন্য কবু চাপৰিলৈ বিভিন্ন প্ৰজাতিৰ চৰাই তথা বন্য জন্তুৰ আগমণ ঘটিছে ৷ কাষতে থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দা ইৰিং ৱাইল লাইফ চেন্টচুৰি আৰু পবা বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পুনৰ ঘূৰি আহি বাহ সজাত ব্যস্ত হৈ পৰিছে গছৰ ডালে ডালে ৷ অকল থলুৱা প্ৰজাতিৰ চৰাইয়েই নহয়, দেশী-বিদেশী পক্ষীৰ ভিন্ন মাতেৰে মুখৰ হৈ পৰিছে কবু চাপৰি ৷
ইফালে ইমান দিনে কবু চাপৰিৰ জন কোলাহলৰ পৰা লুকাই থকা বান্দৰবোৰো এতিয়া ওলাই আহি বিচৰণ কৰা দেখা গৈছে মুকলিকৈ ৷ তেনেদৰে কাষৰীয়া বিভিন্ন চাপৰিৰ পৰা কুৰিৰো অধিক বন ঘৰচীয়া ঘোঁৰাই পুনৰ কবু চাপৰিলৈ ঘূৰি আহি মুক্তভাৱে বিচৰণ কৰা দৃশ্যই পুনৰ সজীৱ কৰি তুলিছে কবু চাপৰিক ৷