অসম

assam

ETV Bharat / state

জোনাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল - বৃহৎ প্ৰতিবাদী সমদল বাহিৰ ব্যৱসায়ী সন্থাৰ

ঠায়ে ঠায়ে অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ জোনাইত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ ব্যৱসায়ী সন্থাৰ ৷

JONAI rally AGAINST CAB
জোনাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল

By

Published : Dec 14, 2019, 7:32 PM IST

জোনাই 14 ডিচেম্বৰঃৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ জোনাইতো অহৰহ গতিত চলি আছে গণতান্ত্ৰিক প্ৰতিবাদ ৷ জোনাইৰ দৈনিক বজাৰৰ ব্যৱসায়ী,অসম-অৰুণাচল সীমান্তৱৰ্তী ৰুকচিন বজাৰৰ ব্যৱসায়ী আৰু ষ্টেচনৰ ব্যৱসায়ী সকলৰ উদ্যোগত,বিভিন্ন দল-সংগঠনৰ লগতে জোনাইবাসী ৰাইজৰ সহযোগত আজি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ উলিওৱা হয়। ৰুকচিন বজাৰ সমীপৰ পৰা প্ৰায় 5 কিলোমিটাৰলৈকে উলিওৱা এই সমদল কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ লৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ,আৰ.এছ.এছ, বিজেপি,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শ্ল’গান দিয়ে। মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰ সমালোচনা কৰি এসময়ত আছুৰ শীৰ্ষ নেতা হিচাপে থকা সোণোৱালে এতিয়া ক্ষমতাৰ বাবেই ৰাজ্যখনত বিদেশীৰ বিৰুদ্ধে দিয়া তেওঁৰ সেই শ্ল’গান পাহৰি গৈছে প্ৰতিবাদকাৰীসকলে কৈ ক্ষোভ ব্যক্ত কৰে।

জোনাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details