জোনাই,3ছেপ্টেম্বৰ : চলিত অসম বিধানসভা অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত উত্তাল হৈ পৰে জোনাই-চিমেন চাপৰি ৷ সংযুক্ত বড়ো গণ মঞ্চই (ইউবিপিঅ) বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী,চন্দন ব্ৰহ্ম আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰতিমূৰ্তী দাহেৰে কৰিলে প্ৰতিবাদ ৷ এই পুত্তলিকা দাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মনোৰঞ্জন বসুমতাৰী, অশোক দৈমাৰী, অনিৰাম ওৱাৰী, তৰণী বসুমতাৰীকে ধৰি সংগঠনটোৰ বিভিন্ন আঞ্চলিক সমিতিৰ নেতাসকলে ৷ প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে বড়ো কছাৰী স্বায়ত্ত্বশাসিত পৰিষদখন গঠন কৰিবলৈকো জনালে আহ্বান ৷ অন্যথা বড়ো সমাজে আৰু অধিক জংগী ৰূপত আন্দোলন গঢ়ি তোলাৰ বাবেও দিলে হুংকাৰ ৷
অন্য এক খবৰৰ বাবে: মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
উল্লেখ্য যে,সংযুক্ত বড়ো গণ মঞ্চই এটা দশক ধৰি বিটিএডিৰ বাহিৰে অসমৰ 21খন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্যকালৰ অন্তিমখন কেবিনেটতো বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীক অনুমোদন জনোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত বৰ্তমানৰ বিজেপি শাসিত চৰকাৰখনে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছিল ৷ ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ , এবছু, এনডিএফবিৰ চাৰিওটা গোট আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ পাঁচ নং কলম অনুসৰি অসমৰ বড়োসকলৰ বাবে কৰা হয় সুকীয়া স্বায়ত্ত শাসনৰ ব্যৱস্থা ৷