জোনাই 2 মে' :ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল 23 সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উকোমত উদযাপনৰ কৰা হয় (Jonai Press Club celebrates 23rd Foundation Day)৷ জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি প্ৰয়াত চুছেন পাৱ, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ডিৰাম কুম্বাং, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ধৰণীধৰ নাথ, প্ৰাক্তন সভাপতি প্ৰয়াত টিকেন্দ্ৰ ফুকন আৰু প্ৰাক্তন উপ-সভাপতি প্ৰয়াত অপূৰ্ব পেগুৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
ইয়াৰ পিছতে জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে (President of Jonai press club) সভাপতিত্বত কৰা তথা ভাৰপ্ৰাপ্ত সম্পাদক হৰেণ চাৰহই আঁতধৰা সভাত 'জোনাই প্ৰেছ ক্লাৱ আৰু সাংবাদিকৰ সামাজিক দায়বদ্ধতা' শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হয় । উক্ত অন্তৰংগ আলাপত জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি প্ৰদীপ গগৈয়ে জোনাই প্ৰেছ ক্লাৱৰ জন্ম ইতিহাসৰ বিষয়ে উল্লেখ কৰাৰ লগতে পৰিৱৰ্তিত সময়ত সাংবাদিকসকলৰ সামাজিক দায়বদ্ধতা বৃদ্ধি পোৱা বুলিও তেওঁ মন্তব্য কৰে ।
ইফালে, বিশিষ্ট লেখক, শিল্পী, সদৌ অসম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰেশ্বৰ পেগুৱে জোনাই প্ৰেছ ক্লাৱৰ গৰিমাময় ইতিহাসৰ বিষয়ে উল্লেখ কৰি জোনাই প্ৰেছ ক্লাৱে সংবাদসেৱাৰ লগতে সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে । জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সহকাৰী সম্পাদক বিজয় দেউৰীয়ে নিজৰ বক্তব্যত জোনাই প্ৰেছ ক্লাৱে সীমান্তৱৰ্তী জোনাই অঞ্চলত উন্নয়নৰ দিশ গঢ়াৰ ক্ষেত্ৰত সদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে ।
আনহাতে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই সমাজত নেতিবাচক তথা চাঞ্চ্যল সৃষ্টি কৰা সস্তীয়া বাতৰিয়ে সাংবাদিকতাৰ পবিত্ৰতা তথা সামাজিক দায়বদ্ধতা হ্ৰাস কৰা বুলি মন্তব্য কৰে ।