অসম

assam

ETV Bharat / state

জোনাইত সান্ধ্য আইন জাৰি থকাৰ সময়ত আইন ভংগকাৰীক জৰিমনা

ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত নিৰ্দিষ্ট সময়ৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে যদিও একাংশই নিয়ম উলংঘা কৰি প্ৰশাসনৰ ৰোষত পৰিছে । এনে লোকৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে জোনাই আৰক্ষী । নিয়ম উলংঘা কৰা লোকৰ পৰা ১১,৫০০ টকা জৰিমনা সংগ্ৰহ কৰিলে জোনাই আৰক্ষীয়ে ।

Jonai police strict action against covid norms violator
জোনাইত সান্ধ্য আইন জাৰি থকাৰ সময়ত নিয়ম ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহ

By

Published : May 28, 2021, 12:28 PM IST

জোনাই, ২৮ মে': ৰাজ্যত অব্যাহত আছে ক'ভিড-১৯ৰ সংহাৰ । দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও হ্ৰাস পোৱা নাই মৃত্যুৰ হাৰ । ৰাজ্য চৰকাৰে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ কঠোৰ পদক্ষেপো গ্ৰহণ কৰিছে । প্ৰশাসনে নিৰ্দিষ্ট সময়ৰ বাবে সান্ধ্য আইন জাৰি কৰিছে ।

জোনাইত সান্ধ্য আইন জাৰি থকাৰ সময়ত নিয়ম ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহ

এতিয়া আইন উলংঘাকাৰীৰ বিৰুদ্ধে জোনাই মহকুমা প্ৰশাসন আৰু আৰক্ষী সষ্টম হৈ পৰিছে । মাস্ক নিপিন্ধাকৈ যাতে কোনো লোক বাহিৰলৈ ওলাই নাহে, তাৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে । জোনাই আৰক্ষীয়ে নিয়ম নমনা লোকৰ পৰা এতিয়ালৈকে ১১,৫০০ টকা জৰিমনা সংগ্ৰহ কৰিছে ৷

জোনাইৰ জনবহুল ঠাইসমূহত ইতিমধ্যে স্থানীয় যানবাহন আৰক্ষীয়ে ৰাইজক, মাস্ক পৰিধান কৰিবলৈ, সামাজিক ব্যৱধান মানি চলিবলৈ আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই সজাগ কৰাৰ প্ৰয়াস কৰিছে ।

লগতে পঢ়ক:প্ৰহসনত পৰিণত অভয়াপুৰীৰ জলসিঞ্চন বিভাগৰ কোটি টকীয়া আঁচনি

ABOUT THE AUTHOR

...view details