জোনাই, 29 নৱেম্বৰ : ধেমাজি জিলাত বন ধ্বংসকাৰীৰ সৈতে মিতিৰ পাতিছে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ৷ মিতিৰালিৰ সম্পৰ্কৰ বাবেই জিলাখনত ব্যাপক হাৰত ধ্বংস হ'বলৈ ধৰিছে বনজ সম্পদ ৷ বন বিভাগৰ লগত মিতিৰালি পাতি চক্ৰটোৱে শেহতীয়াকৈ জিলাখনৰ বিভিন্ন সামাজিক বননীকৰণৰ মূল্যৱান কাঠসমূহ কাটি তহিলং কৰাৰ পিচত জিলাখনৰ জোনাইত থকা পবা বনাঞ্চলখন ধ্বংস কৰাত নামি পৰিছে ৷ এই সকলোঅভিযোগ একাংশ স্থানীয় প্ৰকৃতিপ্ৰেমীৰ ৷
বন বিভাগৰ চকু আগতে জিলাখনৰ জোনাই মহকুমাৰ কাষেৰে বৈ যোৱা লালী-চিয়াং নদীৰ জল পথেৰে বনাঞ্চলখনত উপলব্ধ মূল্যৱান কাঠৰ গছসমূহ কাটি কুণ্ডাসমূহ সৰবৰাহ কৰি আহিছে বনদস্যুৱে | বিশেষকৈ বন বিভাগটোৰ অন্তৰ্গত পবা বনাঞ্চলৰ তিনিমাইল বিট কাৰ্যালয়ৰ নিচেই কাষৰে বৈ যোৱা চিয়াং নদীৰ জলপথেৰে দিন দুপৰতে অবৈধভাৱে কাঠৰ কুণ্ডা চালি বনাই সৰবৰাহ কৰি আহিছে চোৰাং কাঠ বেপাৰীয়ে ৷ যোৱা বৃহস্পতিবাৰে পবা বনাঞ্চলৰ তিনিমাইল বিটৰ কাষেদি একাংশ অসাধু চক্ৰই দিন দুপৰতে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা চালি সজাই সৰবৰাহ কৰা দৃষ্টিগোচৰ হয় একাংশ স্থানীয় সাংবাদিকৰ | লগে লগে কাষতে থকা তিনিমাইল বিটৰ বন বিষয়াক খবৰ দিয়াত এগৰাকী বনকৰ্মীয়ে কাঠৰ চালিখন ৰখাবলৈ চিঞৰি আদেশ দিয়ে যদিও বন কৰ্মীৰ আদেশক কোনো গুৰুত্ব নিদিয়াকৈ গৈ থাকে কাঠ বেপাৰীৰ দলটো ৷ লগে লগে বন বিষয়াই এগৰাকী বন কৰ্মীৰ সৈতে এখন টুলুঙা নাৱেৰে কাঠৰ চালিখন পিচ লৈছিল যদিও কিছু সময়ৰ পিচত ঘূৰি অহা বন বিষয়াই উক্ত কাঠৰ চালিখন কিছুমান দুখীয়া মানুহে জ্বলাবলৈ নিয়া খৰিহে আছিল বুলি জানিবলৈ দিয়ে ৷ তাৰোপৰি পবা বনাঞ্চলৰ পৰা আজিলৈকে কাঠ চুৰি কৰাৰ ৰেকৰ্ড নাই বুলিও স্পষ্টীকৰণ দিয়ে বিষয়াগৰাকীয়ে ৷