অসম

assam

ETV Bharat / state

Specially Able Youth Work Spirit : জোনাইৰ বিশেষভাৱে সক্ষম শিক্ষিত যুৱকৰ জীৱন সংগ্ৰাম - Jonai specially able youth inspirable work

জোনাইৰ শাৰীৰিকভাৱে প্ৰতিবন্ধক এজন শিক্ষিত যুৱকৰ জীৱন সংগ্ৰাম । পৰমুখাপেক্ষী হৈ নাথাকি স্বনিয়োজনৰ নিদৰ্শন হৰেণ পেগুৰ (Jonai physically challenged youth inspirable work) । নিজৰ লগতে সংস্থাপিত কৰিছে আন কেইবাজনকো ।

Jonai
Jonai

By

Published : Mar 2, 2023, 2:22 PM IST

ধেমাজিত বিশেষভাৱে সক্ষম যুৱকৰ আদৰ্শনীয় কৰ্ম

জোনাই, ২ মাৰ্চ :শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে বহু লোকে নিজকে হতাশ আৰু অসহায় যেন অনুভৱ কৰে (difficulties of physically challenged persons) । কিন্তু শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও যদি এগৰাকী ব্যক্তিৰ মনোবল দৃঢ় হয়, কৰ্মৰ প্ৰতি স্পৃহা থাকে, নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাহ হেঁপাহ থাকে তেন্তে সেই লক্ষ্যত উপনীত হোৱাত একোৱে বাধা দি ৰাখিব নোৱাৰে । কথাতে কয় বোলে মন গ'লেই চন, বাকৰি মাটিতো ধন । এই কথাষাৰে বাস্তৱত ৰূপায়িত কৰিছে জোনাইৰ বিশেষভাৱে সক্ষম এজন যুৱকে (Jonai specially able youth inspirable work) । শাৰীৰিক প্ৰতিবন্ধকতা যে কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাকে পুনৰ প্ৰমাণ কৰি দেখুৱাইছে জোনাইৰ এজন যুৱকে ৷

এইগৰাকী অদম্য মনোবলৰ যুৱকৰ নাম হৈছে হৰেণ পেগু । বিশেষভাৱে সক্ষম হৰেণ পেগুৱে আনৰ দৰে ঘৰতে বহি নাথাকি বা পৰমুখাপেক্ষী হৈ নাথাকি উচ্চ শিক্ষা গ্ৰহণ কৰি কণ কণ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ বাট দেখুৱাবলৈ আৰম্ভ কৰে এখন ব্যক্তিগত বিদ্যালয়ৰ জৰিয়তে (jonai specially able youth ideal work) ৷ নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাক পাহৰি আন দহজন সক্ষম যুৱকৰ দৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে আন কেইবাজনকো সংস্থাপনৰ বাট মুকলি কৰি দিছে এই যুৱকজনে ৷

জন্মৰে পৰা দুয়োখন ভৰি অক্ষম হোৱাৰ পিছতো হৰেণে কেতিয়াও নিজৰ আত্মবিশ্বাস তথা মনোবল হেৰুওৱা নাছিল ৷ বৰঞ্চ নিজকে আন দহজন সক্ষম ব্যক্তিৰ দৰে কৰি তুলিবলৈ তেওঁ অহৰ্নিশে চেষ্টা চলাই গৈছিল । তাৰ ফলশ্ৰুতিতে তেওঁ আগবাঢ়ি আহে শিক্ষাৰ ক্ষেত্ৰখনত নিজকে আত্মনিয়োগ কৰাৰ বাবে । তাৰ বাবে তেওঁ স্থাপন কৰে এখন জাতীয় বিদ্যালয় । তেওঁ স্থাপন কৰে লুহিজান জাতীয় বিদ্যালয় । হৰেণ পেগুৰ এই বিদ্যালয়খনে এতিয়া ক্ৰমান্বয়ে লাভ কৰিব ধৰিছে ৰাইজৰ সমাদৰ ৷ নিজৰ দুভৰিত থিয় দিব নোৱাৰিলেও তেওঁৰ কৰ্ম আৰু আদৰ্শই তেওঁক মহীয়ান কৰি তুলিছে । লগতে আত্মনিৰ্ভৰশীলতাৰ আদৰ্শনীয় উদাহৰণ দাঙি ধৰিছে ।

যিটো সময়ত এনে ধৰণৰ শাৰীৰিকভাৱে প্ৰতিবন্ধী লোকসকলৰ এচামে আনৰ সহায় ভিক্ষা খুজি জীৱন নিৰ্বাহৰ কথা চিন্তা কৰে, তেনে সময়ত হৰেণ পেগুৰ এই জীৱন সংগ্ৰাম আন বহুতৰে বাবে অনুকৰণীয় উদাহৰণ হৈ পৰিছে । কেৱল নিজে সংস্থাপিত হোৱাই নহয়, তেওঁ আন দহজনকো নিজৰ ছত্ৰছায়াতে সংস্থাপনৰ সুবিধা প্ৰদান কৰিছে । নিশ্চিতভাৱে হৰেণ পেগুৰ এই জীৱন সংগ্ৰাম সাধুবাদৰ যোগ্য । হৰেণৰ এই সংগ্ৰাম সকলোৰে বাবে অনুপ্ৰেৰণা হওক । আন দহজনৰ বাবে আদৰ্শ হওক হৰেণৰ দেখুওৱা এই পথ ৷ যুৱকজনৰ এনে সুন্দৰ নিদৰ্শনৰ শলাগ লৈছে গাঁওবাসীয়েও ।

লগতে পঢ়ক :Older person and environmental protection campaign: ৭৫ বছৰতো পৰিবেশ সুৰক্ষা অভিযান, চাইকেলেৰে বাংলাদেশলৈ যাত্ৰা

ABOUT THE AUTHOR

...view details