অসম

assam

ETV Bharat / state

এখন দলঙৰ অভাৱত জীয়াতু ভুগিছে জোনাইবাসী - Kemi River

ৰাইজে উপায়হীন হৈ নিজৰ শ্ৰমদানেৰে এখন কাঠৰ দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে । শুকুৰবাৰে ঐৰামঘাট,কেমি,পুৰণা জেলম আৰু চিৰুংবাসী ৰাইজৰ উদ্যোগত টি এম পি কেৰ সহযোগত কেমি আৰু পুৰণা জেলম গাঁৱৰ মাজেৰে বৈ যোৱা চিলে নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বা:নৌ কেবাঙৰ সাধাৰণ সম্পাদক তথা ই চি ৰাজু মেদক ডাঙৰীয়াই ।

এখন দলঙৰ অভাৱত জীয়াতু ভুগিছে জোনাইবাসী
এখন দলঙৰ অভাৱত জীয়াতু ভুগিছে জোনাইবাসী

By

Published : Jun 12, 2020, 9:37 PM IST

জোনাই,১২ জুনঃ চৰকাৰৰ চৰম হেমাহি আৰু অমনোযোগিতাৰ ফলতে ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী জোনাইৰ কেমি অঞ্চলত জীৱন মৰণৰ মাজত যুঁজি কণ-কণ ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে যাতায়ত অব্যাহত ৰাখিছে কেমি নদীৰ ওপৰত ।

এখন দলঙৰ অভাৱত জীয়াতু ভুগিছে জোনাইবাসী

অৰুণাচল পৰা বৈ অহা খৰস্ৰোতা কেমি নদীক মৰণফান্দ অতিক্ৰম কৰি স্কুললৈ যোৱাৰ বাদে নাই অন্য বিকল্প পথ দি ছাত্ৰ ছাত্ৰীৰ । অৰুণাচল সীমান্তৰ জোনাইৰ কেমি,ঐৰামঘাট,জাপানী আদি কৰি প্ৰায় চাৰি পাঁচখন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে এই কেমি নদীৰ ওপৰেদি দৈনিক বিপদ সংকুল যাত্ৰাৰে অঞ্চলটোত থকা একমাত্ৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়লৈ অহা যোৱা কৰি আহিছে ।

বাৰিষাত খৰস্ৰোতা নদীখনক পাৰ কৰিব নোৱাৰাত বহু ছাত্ৰ ছাত্ৰীৰ বন্ধ হৈ পৰে স্কুললৈ যোৱা । কাৰণ নৈখনৰ বাদে স্কুললৈ যাবলৈ আৰু জোনাই চহৰলৈ আহিবলৈ অৰুণাচলৰ পৰা প্ৰায় ১০-১১ কিলমিটাৰ সোমাই যাব লাগে। অৱশ্যে অকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে নহয়, বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবেও কেমি নদীৰ ওপৰত দলং নথকাত বছৰ বছৰ ধৰি ৰাইজে ভুগি আছে এশ এবুৰি সমস্যা। নদী খনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি চৰকাৰ তথা জনপ্ৰতিনিধিক আবেদন নিবেদন জনাই অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিলে। বৰ্তমানে কৰ'ণা আতংকৰ ফলত অৰুণাচল প্ৰশাসনও কেমি ঐৰামঘাটৰ পৰা জোনাই চহৰলৈ অহা পথ বন্ধ কৰি দিয়ে ৷

সেইয়ে ৰাইজে উপায়হীন হৈ নিজৰ শ্ৰমদানেৰে এখন কাঠৰ দলং নিৰ্মাণৰ সিদ্ধান্ত লয় আৰু শুকুৰবাৰে ঐৰামঘাট,কেমি,পুৰণা জেলম আৰু চিৰুং বাসী ৰাইজৰ উদ্যোগত টি এম পি কেৰ সহযোগত কেমি আৰু পুৰণা জেলম গাৱঁৰ মাজেৰে বৈ যোৱা চিলে নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বা:নৌ কেবাঙৰ সাধাৰণ সম্পাদক তথা ই চি ৰাজু মেদক ডাঙৰীয়াই ।

দলংখন উদ্বোধন অনুষ্ঠানত এম এ চি‌ ৰ ই চি নৰেশ কুম্বাং, জি এম পদুম ৰায় উপস্থিত থাকে । লগতে টি এম পি কে ৰ সভাপতি ৰাজকুমাৰ মৰাঙ, সহকাৰী সম্পাদক লিলা টায়ে, সাংগঠনিক সম্পাদক দ্বিগবিজয় দলে, সদস্য পংকিল পাতিৰ আৰু জনাই জিলা টি এম পি কেৰ শিক্ষা সম্পাদক বিনেশ পাতিৰ ৰাইজৰ লগত সহযোগিতা কৰি টি এম পি কে ৰ ফালৰ পৰা শ্ৰমদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে চাওকঃ উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ পৰা আটক আন এগৰাকী ভুৱা অনামিকা শুক্লা

ABOUT THE AUTHOR

...view details