নেমু আৰু চাহ খেতিৰে কৃষি বিপ্লৱৰ সূচনা শিক্ষিত নিবনুৱা যুৱকৰ - কৃষি বিপ্লৱ
অসম অৰুণাচল সীমান্ত জোনাই পুৰণা জেলম গাঁৱৰ নিৱাসী ৰাজকুমাৰ মেদক বৰ্তমান অঞ্চলটোত নেমু খেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ৷ জানিব পৰা মতে নেমু খেতি কৰা মাটিৰ পৰিমাণ হৈছে ৮ বিঘা । বছৰৰ 12 মাহে উৎপাদনক্ষম নেমু আৰু চাহ খেতিৰপৰা মেদকে মাহিলি গড় হিচাপে লাখৰো অধিক টকা লাভ কৰিবলৈ সক্ষম হয় ।
![নেমু আৰু চাহ খেতিৰে কৃষি বিপ্লৱৰ সূচনা শিক্ষিত নিবনুৱা যুৱকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3600061-thumbnail-3x2-ef.jpg)
জোনাই, ১৯ জুনঃধেমাজি জিলাৰ জোনাই মহকুমাত কৃষি বিপ্লৱৰ সূচনা ৷ নেমু আৰু চাহ খেতিৰে স্বাৱলম্বী এজন শিক্ষিত নিবনুৱা ৷ ২০১৩ চনতে 2 বিঘা মাটিৰে নেমুটেঙাৰ খেতি আৰম্ভ কৰিছিল মাৰাজকুমাৰ মেদক নামৰ লোকজনে৷ অসম অৰুণাচল সীমান্ত জোনাই পুৰণা জেলম গাঁৱৰ নিৱাসী ৰাজকুমাৰ মেদক বৰ্তমান অঞ্চলটোত নেমু খেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ৷ জানিব পৰা মতে নেমু খেতি কৰা মাটিৰ পৰিমাণ হৈছে ৮ বিঘা । বছৰৰ 12 মাহে উৎপাদনক্ষম নেমু আৰু চাহ খেতিৰপৰা মেদকে মাহিলি গড় হিচাপে লাখৰো অধিক টকা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে এই ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই মেদকে৷ চৰকাৰৰ পৰা কোনো অনুদান নোলোৱাকৈ স্বাৱলম্বী হৈছে ৰাজকুমাৰ মেদক ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...