জোনাই, 5 অক্টোবৰঃজোনাইত শতাধিক ছাত্ৰ-ছাত্ৰীক মিচিং স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক সাহাৰ্য্য প্ৰদান অনুষ্ঠান ৷ জোনাই টাউন ক্লাৱত অনুষ্ঠিত হয় এই অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদে ২ নং মূৰ্কংচেলেক সমষ্টিৰ ২০১৯ বৰ্ষৰ দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰী, খেলুৱৈ আৰু মীন পালন প্ৰশিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে আৰ্থিক সাহাৰ্য আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
জোনাইত শতাধিক ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান অনুষ্ঠান - মিচিং স্বায়ত্তশাসিত পৰিষদ
জোনাইত শতাধিক ছাত্ৰ-ছাত্ৰীক মিচিং স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক সাহাৰ্য্য প্ৰদান অনুষ্ঠান ৷ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে খেলুৱৈ আৰু মীন পালকক আৰ্থিক সাহায্য প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদে ৷
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২ নং মূৰ্কংচেলেক সমষ্টিৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙৰ সভাপতিত্বত জোনাই টাউন ক্লাৱত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫২ জন, উচ্চতৰ মাধ্যমিকৰ ৬৭ গৰাকী, উচ্চ শিক্ষা বিভাগত অধ্যয়নৰত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩ জন খেলুৱৈক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ উপৰিও মীন পালক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা দক্ষতা বিকাশৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
সভাত উদ্যোক্তা পদ্মেশ্বৰ দলৈয়ে উদ্দেশ্যে ব্যাখ্যা কৰি দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰী সকলে যাতে ভবিষ্যতে সু-নাগৰিক হৈ অঞ্চল তথা সমাজ খনলৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদে প্ৰতি বছৰে ছাত্ৰ ছাত্ৰী, সাংস্কৃতিক কৰ্মী, খেলুৱৈ আৰু অন্যান্য ক্ষেত্ৰত পাৰদৰ্শীতা দেখুওৱা ব্যক্তিসকললৈ উদগনি মূলক আৰ্থিক সাহাৰ্য প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে । ইফালে এই অনুষ্ঠানত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱই মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ লগতে তেওঁ কয় যে, মিচিং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন ক্ষেত্ৰত সমাজৰ উন্নয়নৰ কাৰনে কাম কৰি আহিছে আৰু পৰিষদে প্ৰদান কৰি অহা আৰ্থিক সাহাৰ্যই দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰী সকলক ভবিষ্যতে আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰিব ।