জোনাই,29মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষতো ঘোষণা কৰা লক ডাউনৰ আজি পঞ্চমটোদিন৷ মাৰাত্মক ক'ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে লক ডাউন অমান্য কৰা লোকসকলৰ বিৰুদ্ধে চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে কঠোৰ হোৱাৰ পাছতো একাংশই এই নিয়ম উলংঘা কৰা পৰিলক্ষিত হৈছে৷ দেওবাৰে এনে ঘটনাই সংঘটিত হয় সীমান্তৱৰ্তী জোনাইত। জোনাই মহকুমা আৰক্ষীৰ দলে পহৰা দি থকা অৱস্থাতে এজন যুৱকক আটক কৰে৷ জোনাইৰ ৰাংকপৰ গিৰিশ পাতিৰৰ পুত্ৰ গৌতম পাতিৰ বুলি জানিব পৰা গৈছে৷ যুৱকজনক জোনাই ফ্ৰান্সিলীয়ান স্কুলৰ সমীপৰ পৰা আটক কৰে আৰক্ষীয়ে৷ যুৱকজনে কোনো জৰুৰী কাম নোহোৱাকৈ ঘৰৰ বাহিৰ হৈছিল৷ যাৰ বাবে জোনাই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি এখন বলেৰ'সহ যুৱকজনৰ আটক কৰে৷
জোনাইত নিয়ম উলংঘা কৰা এজন যুৱকক আটক - লক ডাউন
জোনাই আৰক্ষীয়ে লক ডাউন অমান্য কৰা এজন যুৱকক আটক কৰে৷ যুৱকজন জোনাইৰ ৰাংকপৰ গৌতম পাতিৰ বুলি জানিব পৰা গৈছে৷ বৰ্তমান জোনাই আৰক্ষীৰ জিম্মাত আছে যুৱকজন৷
![জোনাইত নিয়ম উলংঘা কৰা এজন যুৱকক আটক jonai_lok_down_situation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6587589-1055-6587589-1585496349278.jpg)
জোনাইত নিয়ম উলংঘা কৰা এজন যুৱকক আটক