জোনাই, ৪ ডিচেম্বৰ :জোনাইত অচিন ৰোগৰ আতংক অব্যাহত আছে ৷ ইটিভি ভাৰতত এই বাতৰি প্ৰচাৰৰ পাচতে অচিন ৰোগত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মহকুমা স্বাস্থ্য বিষয়া ডা৹ কিশোৰ কামানৰ নেতৃত্বত যোৱা স্বাস্থ্য বিভাগৰ এটা দলে ৷ জোনাইৰ বাহিৰ চিলেত স্বাস্থ্য বিভাগৰ দলটোৱে ৰোগীৰ ঘৰে ঘৰে গৈ সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ লগতে প্ৰৰ্থমিক স্বাস্থ্যবিধি মানি চলাৰ পৰামৰ্শ আগবঢ়ায় ৷ চিকিৎসাকে এই ৰোগ সংক্ৰান্তত পোষ্ট কোভিড নিউৰোপেথী, গোলেনবাৰী চিণ্ড্ৰম, ট্ৰমেক নেউৰিটিছ আদি ৰোগৰ লক্ষণ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
ইফালে এই অচিন ৰোগক লৈ মহকুমা স্বাস্থ্য বিভাগ তৎপৰ হোৱা দেখা গৈছে ৷ এই ৰোগবিধ উন্নত চিকিৎসা বিজ্ঞানৰ প্ৰযুক্তিৰ প্ৰয়োগেৰে গৱেষণাৰ প্ৰয়োজন আছিল যদিও এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে কোনোধৰণৰ ব্যৱস্থাৰ গ্ৰহণ কৰা নাই ৷ লোকদুজনৰ মৃত্যুৰ সংক্ৰান্ত স্বাস্থ্য বিভাগে ইয়াৰে এজন লোক বৃক্ক জনিত ৰোগত আক্ৰন্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰিছে ৷