জোনাই,১০ জুলাইঃধেমাজি জিলাৰ জোনাইত বান আৰু খহনীয়াৰ প্ৰলয় অব্যাহত ৷ বিগত এমাহে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠিছে চিয়াং,লালী আৰু ব্ৰহ্মপুত্ৰ নৈৰ লগতে ইয়াৰ উপনৈসমূহ ৷ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত ন ন অঞ্চলৰ লগতে শতাধিক গাঁৱৰ ঘৰ-বাৰী, খেতিপথাৰ বানত বুৰ যোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চিয়াং নদীৰ বাঢ়নী পানীয়ে বিগত এমাহে জোনাইৰ বেৰা চাপৰি আৰু লোহিজান অঞ্চলৰ ৩০খনৰো অধিক গাঁও প্লাৱিত কৰিছে ৷ ইয়াৰোপৰি ডেপী নদীৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি গালী বৰবালীৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায় ৷
লগতে পঢ়কঃডাঃ বি আৰ আম্বেদকাৰৰ "ৰাজগৃহ"ত আক্ৰমণ কৰা আন এজন অভিযুক্ত গ্ৰেপ্তাৰ
অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী,বাট-পথ বানে বুৰাই পেলোৱাৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে ৷ ইপিনে ডেপী নদীত উদ্ভৱ হৈছে সাগৰ সদৃশ ঢৌ ৷ ৰায়াং আৰু ৰাজাখানা নদীৰ বাঢ়নী পানীৰ ফলত কাৰ্দং চুকতো বুৰ গৈছে শ শ পৰিয়ালৰ ঘৰ-বাৰী,খেতি পথাৰৰ লগতে বাট-পথ ৷ কাৰ্দং চুক বেকেলী সংযোগী গড়কাপ্তানি পথৰ কেইবাঠাইতো ৰায়াং আৰু ৰাজাখানা নৈৰ বানে মথাউৰি চিঙি পেলোৱাৰ ফলত অঞ্চলটোত যোগাযোগ বিচ্ছিন্ন হৈছে ৷
একেদৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল সীমান্তলৈ যোৱা তাকে তিনিআলিৰ কাষৰ গড়কাপ্তানি পথটো নাহৰ নলাৰ বাঢ়নী পানীয়ে খহাই নিয়াত বিগত কেইবাদিনৰ পৰা ৰাইজে বিপদজনকভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷ ৰাকুট কেমেৰেতো চিলে নদীৰ বানে চিঙি পেলাইছে মথাউৰি ৷ আনফালে বানত প্লাৱিত হৈ পৰা অঞ্চলসমূহৰ পশুধনৰ মাজত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ ৷ পশ্চিম জোনাইৰ নৈপৰীয়া অঞ্চলত বাঢ়নী পানীয়ে পথ-পথাৰ একাকাৰ কৰি পেলোৱাৰ ফলত যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।