অসম

assam

By

Published : Jul 29, 2019, 1:47 PM IST

ETV Bharat / state

চৰকাৰে কেন্দ্ৰৰ পৰা আজুৰি আনক বানসাহায্য : গৰিমা গাৰ্গ

জোনাইত বানাক্ৰান্তৰ কাষত জুবিন ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ স্বাস্থ্য শিবিৰ আৰু বান সাহায্য

চৰকাৰে কেন্দ্ৰৰ পৰা আজুৰি আনক বানসাহায্য-গৰিমা গাৰ্গ


জোনাই, ২৯ জুলাইঃ জুবিন গাৰ্গ ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত জোনাই আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য্য প্ৰদানৰ লগতে চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় | চিয়াং নদীৰ বানে বিধ্বস্ত কৰা জোনাইৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেৰাচাপৰি অঞ্চলত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ৷ গৰিমা গাৰ্গে বানপীড়িত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য্য বিতৰণ কৰে| লগতে জুবিন ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত তথা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বানে বিধ্বস্ত কৰা মালভোগ, ৰাভা কাঠনি, শান্তিপুৰ বেৰাচাপৰি অঞ্চল সমূহত উপস্থিত হৈ স্বাস্থ্য শিবিৰ আয়োজন কৰে ৷ লগতে মুঠ ৩১০ টা পৰিয়ালক চিৰা, আঠুৱা, কম্বল, মমবাতি, মিঠাতেল, চাবোন, পানীৰ বটল, কাপোৰ কানিকে আদি কৰি ঘৰুৱা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰো বিতৰণ কৰা হয় |

চৰকাৰে কেন্দ্ৰৰ পৰা আজুৰি আনক বানসাহায্য-গৰিমা গাৰ্গ

বান বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি গৰিমা গাৰ্গে কয় যে, শিল্পী সদায় ৰাইজৰ মাজত থাকিব, যিমান পাৰে ৰাইজক সহায় কৰি যাব কিন্তু অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কেৱল চৰকাৰেহে কৰিব পাৰিব ৷ ইয়াৰ বাবে নিজৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আজুৰি আনিবলৈ দাবী জনায় গৰিমা গাৰ্গে | এই সামগ্ৰী বিতৰণত ছাত্ৰ নেতা তথা আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী, আছুৰ কাৰ্যনিৰ্বাহক সদস্য মন্টুৰাজ বৰুৱা, ধেমাজি জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক বৰগোহাঁইৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়|

ABOUT THE AUTHOR

...view details