অসম

assam

ETV Bharat / state

বানৰ প্ৰলয়ঃ বিগত এমাহে জলমগ্ন জোনাই - বিধায়ক ভূৱন পেগু

জোনাইত বানসাহাৰ্যৰ নামত প্ৰশাসনৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নূন্যতম খাদ্য আৰু পচা তিৰ্পাল বিতৰণক লৈ ক্ষোভিত হৈ পৰিছে বানপীড়িত ৰাইজ ৷ বানৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে নিজেই আত্মসাৎ কৰাৰ অভিযোগ বন্যাৰ্তসকলৰ ৷

জলমগ্ন জোনাই
জলমগ্ন জোনাই

By

Published : Jul 9, 2020, 6:00 PM IST

জোনাই, 9 জুলাই : ধেমাজি জিলাৰ জোনাই মহকুমাত চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বানৰ ফলত বিগত এমাহ ধৰি দুৰ্ভোগ ভুগি আছে প্ৰায় দুই সহস্ৰাধিক লোক ৷ চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলস্তৰে বুৰাই পেলাইছে জোনাইৰ মহকুমাৰ বিস্তীৰ্ণ অঞ্চল ৷ ইতিমধ্যে, চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত জোনাই মহকুমাৰ প্ৰায় অৰ্ধ শতাধিক মানুহৰ ঘৰ-বাৰী, শ শ হেক্টৰ কৃষিভূমি বুৰ যোৱা পৰিলক্ষিত হৈছে ৷ উপায়ন্তৰ বানাক্ৰান্ত লোকসকলে সম্প্ৰতি ওখ ভেটি বিচাৰি দিন কটাবলগীয়া হৈছে ৷

ইয়াৰ লগতে, পশুধনৰ খাদ্যৰ অভাৱে বানাক্ৰান্ত লোকসকলৰ মাজত সৃষ্টি কৰিছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ বন্যাৰ্তসকলে জানিবলৈ দিয়া অনুসৰি, তেওঁলোকক উদ্ধাৰৰ বাবে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই জোনাই জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷ যাৰ ফলত এতিয়া টুলুঙা নাৱকে ভৰসা কৰি বান পৰিস্থিতিৰে সৈতে মোকাবিলা কৰিছে বন্যাৰ্তসকলে ৷

আনহাতে, বান সাহাৰ্যৰ নামত জোনাই মহকুমা প্ৰশাসনে ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰা বুলিও অভিযোগ উত্থাপন কৰে বানাক্ৰান্ত ৰাইজে ৷ প্ৰশাসনে বানপীড়িতসকলৰ বাবে পচা তিৰ্পালৰ যোগান ধৰিছে ৷ এজাক বৰষুণতে ফাটি হৈছে প্ৰশাসনে যোগান ধৰা তিৰ্পাল ৷ সাংবাদিকৰ সন্মুখতে প্ৰশাসনে দিয়া তিৰ্পাল ফালি দেখুৱাই দিয়ে বন্যাৰ্তই ৷ ইয়াৰোপৰি বানপীড়িতসকলৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগান ধৰা নাই প্ৰশাসনে ৷

উল্লেখ্য যে, বানৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে নিজেই আত্মসাৎ কৰাৰ অভিযোগ তুলিছে বানপীড়িত ৰাইজে ৷ প্ৰায় এমাহ ধৰি জলমগ্ন হৈ থকা বন্যাৰ্তৰ মাজৰ চাৰিটা পৰিয়ালৰ মাজত এখন তিৰ্পাল, এজন বন্যাৰ্তক প্ৰতি ডেৰ কেজি চাউল, এটা পৰিয়ালক 1 কেজি দাইল, এমাহত দুবাৰকৈ আধাকেজি নিমখ যোগান ধৰিছে জোনাই মহকুমা প্ৰশাসনে ৷ শিশু খাদ্য, বিশুদ্ধ খোৱা পানীৰ পৰাও বঞ্চিত হৈ পৰিছে এইসকল বানপীড়িত লোক ৷

জলমগ্ন জোনাই

বানাক্ৰান্ত ৰাইজে ক্ষোভ উজাৰি কয়, জোনাইৰ বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনৰ সময়তহে ভোটৰ বাবে ৰাইজৰ মাজলৈ আহে আৰু ৰাইজে ভোট সাব্যস্ত কৰাৰ পিছত বানবিধ্বস্ত অঞ্চলসমূহ পাহৰি যায় ৷

আনহাতে, ধেমাজি জিলাৰ একমাত্ৰ পবা বনাঞ্চলৰ জীৱ-জন্তুৰ মাজলৈয়ো সম্প্ৰতি শংকা নমাই আনিছে প্ৰলয়ংকাৰী বানে ৷ লোহিজান পঞ্চায়তৰ প্ৰায় 50 খনৰো অধিক নৈপৰীয়া গাঁও জলমগ্ন হৈ পৰাত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৷ স্থানীয় লোকৰ মতে, বৰ্তমানলৈকে বন্যাৰ্তসকলৰ বাবে এটা চৰকাৰী সাহাৰ্য শিৱিৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বানাক্ৰান্ত ৰাইজে নিজ ঘৰ-সম্পত্তি, পশুধনসমূহ এৰি থৈ যাব বিচৰা নাই ৷

বানাক্ৰান্তসকলক মথাউৰি ওপৰত বা চাংপাতি থাকিবলৈ উন্নত মানৰ তিৰ্পাল, উপযুক্ত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী, পশুখাদ্য যোগান ধৰিবলৈ প্ৰশাসনক দাবী জনাইছে বানাক্ৰান্ত ৰাইজে ৷ উল্লেখ্য যে, চিয়াং লালী নদীখন বেৰাচাপৰিৰ 2 নং টাৰিয়েদি লোহিজান ৰোহিতপুৰ, দেউৰী গাঁও হৈ সুঁতি সলাই বৈ আছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰৰ অকণো কানসাৰ নাই বুলি গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : কৰ’ণা সংক্ৰমণ:গণৰোষৰ সন্মুখীন কংগ্ৰেছ কৰ্মী

ABOUT THE AUTHOR

...view details