অসম

assam

ETV Bharat / state

জোনাইত মীন আইন উলংঘা : বজাৰত অবাধে বিক্রী কণীযুক্ত থলুৱা মাছ - Dhemaji

অসম মীন আইন-১৯৫৩ৰ ধাৰা ২৩ অনুসৰি, ১ এপ্রিলৰ পৰা ১৫ জুলাই থলুৱা মাছৰ প্ৰজননৰ সময় ৷ মীন বিভাগে এই সময়ছোৱাত থলুৱা জাতৰ কণী থকা গাভিনী মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

jonai-fish-story
জোনাইত মীন আইন উলংঘা : বজাৰত অবাধে বিক্রী কণীযুক্ত থলুৱা মাছ

By

Published : May 24, 2021, 2:25 PM IST

জোনাই, ২৪ মে’ :থলুৱা মাছৰ সংৰক্ষণ, সুৰক্ষা তথা উৎপাদন বৃদ্ধিৰ বাবে প্ৰজননৰ সময়ত মীন আইন পালন কৰিব লাগে যদিও জোনাই মহকুমাত অবাধে মীন আইন উলংঘা কৰি বিভিন্ন বজাৰত মুকলিকৈ কণীযুক্ত থলুৱা মাছ বিক্ৰী কৰা দেখা গৈছে । থলুৱা মাছৰ সংৰক্ষণ, সুৰক্ষা আৰু উৎপাদন বৃদ্ধিৰ বাবে মীন বিভাগে মাছৰ প্ৰজননৰ সময়ত বিভিন্ন নদী, বিল, জলাশয়, মীন মহলবোৰত মাছ মৰাৰ লগতে কণীযুক্ত তথা সৰু থলুৱা মাছ বজাৰত বিক্ৰী কৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

অসম মীন আইন-১৯৫৩ৰ ধাৰা ২৩ মতে ১ এপ্রিলৰ পৰা ১৫ জুলাইলৈ মাছৰ প্ৰজনন ঋতুৰ সময় হোৱাৰ বাবে থলুৱা জাতৰ কণী থকা গাভিনী মাছ ঘোষিত মীন মহলত মৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে । একেদৰে এই সময়ত থলুৱা কণীযুক্ত মাছ বজাৰত বিক্ৰী কৰাও নিষিদ্ধ ৷

জোনাইত মীন আইন উলংঘা : বজাৰত অবাধে বিক্রী কণীযুক্ত থলুৱা মাছ

জোনাই মহকুমাৰ সদৰ বজাৰৰ লগতে বিভিন্ন গাঁৱত অবাধে কণীযুক্ত থলুৱা মাছ বিক্ৰী কৰা দেখা গৈছে । এনেদৰে প্রজনন সময়ত থলুৱা মাছ অবাধে বিক্ৰী হৈ থকাৰ ফলত বিভিন্ন প্রজাতিৰ থলুৱা মাছ বিলুপ্তিৰ লগতে উৎপাদন হ্রাস হোৱাৰ আশংকাই দেখা দিছে । ফলত থলুৱা মাছৰ সংৰক্ষণ তথা উৎপাদন বৃদ্ধিৰ বাবে সজাগতামূলক কার্যসূচী গ্রহণ কৰাৰ লগতে মীন আইন কঠোৰভাবে পালন কৰিবলৈ মীন বিভাগক ৰাইজে দাবী জনাইছে ।

তদুপৰি থলুৱা মাছৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবে থাইলেণ্ড মাগুৰ, টিলাপিয়া, বিগহেড আদি বিদেশী মাছসমূহ প্রজনন অথবা পালন বন্ধ কৰাৰ ক্ষেত্ৰত মীন বিভাগক যথাযথ পদক্ষেপ গ্রহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে । উল্লেখ্য যে, এই জাতৰ বিদেশী মাছসমূহে স্থানীয় প্রাকৃতিক জলাশয়সমূহত প্রৱেশ কৰি থলুৱা জাতৰ মাছৰ বংশ সম্পূর্ণ ৰূপে নাশ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

ABOUT THE AUTHOR

...view details