অসম

assam

ETV Bharat / state

জোনাইত বিদ্যুৎ যোগানৰ নামত মৰণফান্দ - মৰণফান্দ

বিদ্যুতৰ খুঁটাত চাচ্পেশ্যনৰ ঠাইত প্লাষ্টিকৰ তেপ আৰু প্লাষ্টিকৰ ৰচিৰে বিদ্যুৎ প্ৰৱাহিত তাঁৰ বান্ধি জনসাধাৰণক বিদ্যুতৰ যোগান ধৰিছে জোনাই বিদ্যুত সংমণ্ডলে ৷

জোনাইত বিদ্যুৎ যোগানৰ নামত মৰণফান্দ

By

Published : Jun 11, 2019, 7:04 PM IST

জোনাই, 11 জুনঃ জোনাইত বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীন কৰ্ম ৷ বিভাগটোৱে বিদ্যুতিকৰণৰ নামত পাতিছে মৰণফান্দ l যিকোনো সময়তে বিদ্যুৎ বিভাগটোৱে পাতি ৰখা মৰণৰ ফান্দসমূহত পৰিব পাৰে জীৱকূল l জোনাই বিদ্যুৎ বিভাগৰ চৰম হেমাহি তথা অকৰ্মণ্যতাৰ বাবেই এতিয়া পুৰণা জেলম আনচিং গাঁৱৰ কেইবাটাও বিদ্যুতৰ খুঁটাত বৰষুণ দিলেই বিদ্যুৎপৃষ্ট হোৱাৰ বহু ঘটনা পোহৰলৈ আহিছে l য'ত জীৱ-জন্তুৰ জীৱনক লৈ পাতিছে অন্য এক মৰণফান্দ l বিদ্যুতৰ খুঁটাত চাচ্পেশ্যনৰ ঠাইত প্লাষ্টিকৰ তেপ আৰু প্লাষ্টিকৰ ৰচিৰে বিদ্যুৎ প্ৰৱাহিত তাঁৰ বান্ধি জনসাধাৰণক বিদ্যুতৰ যোগান ধৰিছে l জোনাইৰ অসম-অৰুণাচল সীমান্তস্থিত পবা বনাঞ্চলৰ মাজেৰে বৈদ্যুতিক খুঁটা দিয়াৰ পৰিৱৰ্তে গছত চাচ্পেশ্যন লগাই জোনাই বিদ্যুৎ বিভাগে অতি বিপদজনক ভাৱে নিছে 11 কে ভি বৈদ্যুতিক প্ৰৱাহিত তাঁৰ l যাৰ ফলত যিকোনো সময়তে জীৱকূলৰ সৈতে ঘটিব পাৰে ভয়ংকৰ অঘটন ৷

জোনাইত বিদ্যুৎ যোগানৰ নামত মৰণফান্দ

ABOUT THE AUTHOR

...view details