অসম

assam

ETV Bharat / state

জোনাইত ১২৩ জনলৈ বৃদ্ধি ক’ৰণাত আক্ৰান্তৰ সংখ্যা

জোনাই মহকুমাৰ মুঠ ২৮ খন গাঁৱত এতিয়ালৈকে ক’ভিড ৰোগী ধৰা পৰিছে ৷ মহকুমাটোত শুকুৰবাৰৰ দিনটোলৈ 10,336 গৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হয় আৰু ইয়াৰে 123 জনৰ দেহত দৰা পৰে ক’ভিডৰ অৱস্থিতি ৷

Jonai Covid Update
জোনাইত ১২৩ জনলৈ বৃদ্ধি ক’ৰণাত আক্ৰান্তৰ সংখ্যা

By

Published : May 22, 2021, 7:15 AM IST

জোনাই, 22 মে’ :জোনাই মহকুমাত শুকুৰবাৰৰ দিনটোলৈ 123 জনলৈ বৃদ্ধি পাইছে ক’ভিড ৰোগী সংখ্যা ৷ মহকুমাটোত শুকুৰবাৰৰ দিনটোলৈ 10,336 গৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হয় আৰু ইয়াৰে 123 জনৰ দেহত দৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আক্ৰান্তসকলৰ এজনৰ মৃত্যু হোৱাৰ লগতে ৫০ গৰাকী ৰোগী হোম আইচলেচনত ৰখা হৈছে ৷ আনহাতে, আনকেইগৰাকী ৰোগী বৰ্তমান ক’ভিড মুক্ত বুলি জানিব পৰা হৈছে ৷

জোনাইত শুকুৰবাৰৰ দিনটোলৈ 18 বছৰৰ পৰা 44 বছৰ বয়সৰ 1,232 গৰাকী লোকক আৰু ৪৫ বছৰৰ উৰ্ধৰ ২০,১৯২ গৰাকী লোকক ক’ভিড ভেকচিন দিয়া হৈছে ৷ প্ৰথম পৰ্যায়ত ১৯,২৬৪ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ৪,৯২৯ গৰাকী ক’ভিড ভেকচিন দিয়া হয় ৷ উল্লেখযোগ্য যে, জোনাই মহকুমাৰ মুঠ ২৮ খন গাঁৱত এতিয়ালৈকে ক’ভিড ৰোগী ধৰা পৰিছে আৰু জোনাই বজাৰ, উদয়পুৰ, লক্ষীনেপালী বস্তিত আটাইতকৈ বেছি লোক ক’ভিডত আক্ৰান্ত হৈছে বুলি জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিব দিয়ে ৷

লগতে পঢ়ক :১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details