অসম

assam

ETV Bharat / state

জোনাইত চিয়াং নদীৰ বান প্রতিৰোধৰ নামত বালিৰে নির্মাণ কোটিটকীয়া মথাউৰি

চিয়াং নদীৰ বান প্রতিৰোধৰ নামত বালিৰে মথাউৰি নির্মাণকাৰ্য অব্যাহত আছে। যোৱা বানত চিয়াং নদীৰ প্রলংকাৰী বানে বেৰাচাপৰিৰ বেৰা বেংগলীৰ পৰা সুঁতি বনাই সৃষ্টি কৰা প্রলংকাৰী বানত বেৰাচাপৰিত নিচ্ছিন্ন হ‘ল কেইবাখনাে গাঁৱৰ শ শ পৰিয়ালৰ ঘৰবাৰী।

By

Published : Dec 22, 2020, 7:58 PM IST

jonai-corruption-in-ambartment-consturction
জোনাইত চিয়াং নদীৰ বান প্রতিৰোধৰ নামত বালিৰে নির্মাণ কোটিটকীয়া মথাউৰি

জোনাই ,২২ ডিচেম্বৰ:ধেমাজি জিলাৰ জোনাইব বেৰাচাপৰিত পুনব বান পীড়িত ৰাইজক লৈ হেতালি খেলি থকাৰ অভিযোগ উত্থাপন হৈছে। চিয়াং নদীৰ বান প্রতিৰোধৰ নামত বালিৰে মথাউৰি নির্মাণকাৰ্য অব্যাহত আছে। যোৱা বানত চিয়াং নদীৰ প্রলংকাৰী বানে বেৰাচাপৰিৰ বেৰা বেংগলীৰ পৰা সুঁতি বনাই সৃষ্টি কৰা প্রলংকাৰী বানত বেৰাচাপৰিত নিচ্ছিন্ন হ‘ল কেইবাখনাে গাঁৱৰ শ শ পৰিয়ালৰ ঘৰবাৰী।

জোনাইত চিয়াং নদীৰ বান প্রতিৰোধৰ নামত বালিৰে নির্মাণ কোটিটকীয়া মথাউৰি

উক্ত চিয়াং নদীৰ সুঁতিক বেটিবলৈ ইতিমধ্যে মিচিং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা এককোটি টকাৰ ব্যায় সাপেক্ষে নির্মাণ কৰিছে এখন মথাউৰি। কিন্তু মথাউৰি নির্মাণৰ কাম আৰম্ভ হৈছে যদিও মাটিৰ পৰিৱর্তে ঠিকাদাৰে মথাউৰিখন নির্মাণ কৰিছে সম্পূর্ণরূপে বালিৰে। যাৰ ফলত বেৰাচাপৰি অঞ্চলৰ ৰাইজে বালিৰে নির্মাণ কৰা মথাউৰিক লৈ প্রকাশ কৰিছে তীব্র প্রতিক্রিয়া ।

উল্লেখ্য যে, চিয়াং নদীৰ সুঁতিক প্রতিৰোধৰ বাবে মিচিং শ্বায়ত্বশাসিত পৰিষদে এককোটি ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া মথাউৰিখনে বেৰাচাপৰিকে ধৰি বহুকেইখন অঞ্চলৰ মাটি, ভেটি সুৰক্ষা পােৱাৰ কথা চিন্তা কৰি আনন্দ প্রকাশ কৰিছিল যদিও এনেদৰে বালিৰে মথাউবিখন নির্মাণ কৰা দেখি চিন্তিত হৈ পৰিছে বেৰিচাপৰিবাসী ৰাইজ । কাৰণ বালিৰে নির্মাণ কৰা মথাউৰিখন চিয়াং নদীৰ সুঁতিক প্রতিৰোধ কৰাৰ বিপৰীতে সাধাৰণ বৰষুণতে যে নিচ্ছিন্ন হৈ পৰিব এয়া সহজে অনুমেয় ।

ইফালে জলসম্পদ বিভাগৰ অভিযন্তা, কর্মচাৰী সকলে দৈনিক মথাউৰি নির্মাণস্থলীতে বাহৰ পাতি থকাৰ পিচতাে ঠিকাদাৰে কোটিটকীয়া মথাউৰিখন বালিৰে নিৰ্মাণৰ কাম কেনেকৈ অব্যাহত ৰাখিছে তাকে লৈ সৃষ্টি হৈছে প্ৰশ্নৰ ।

লগতে পঢ়ক: 2018-19 চনৰ বিত্তীয় বৰ্ষৰ বাজেট জনসাধাৰণক আঁভূৱা ভৰাৰ বাজেট: ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details