অসম

assam

ETV Bharat / state

চিয়াং নৈৰ ভয়ংকৰ খহনীয়া, জলসম্পদ বিভাগৰ চকু খোল খাব কেতিয়া ?

বানৰ পিছতে অব্যাহত থকা চিয়াং নৈৰ ভয়ংকৰ খহনীয়াই ধেমাজি জিলাৰ অন্তৰ্গত জোনাইৰ বেৰা চাপৰিত দ্বি খণ্ডিত কৰিলে মথাউৰি, জলসম্পদ বিভাগৰ বিৰুদ্ধে চৰম হেমাহিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

By

Published : Aug 10, 2019, 3:13 PM IST

চিয়াং নৈৰ ভয়ংকৰ খহনীয়া, জলসম্পদ বিভাগৰ চকু মেল খাব কেতিয়া ?

জোনাই, 10 আগষ্টঃ বানৰ পিছতে অব্যাহত থকা চিয়াং নৈৰ ভয়ংকৰ খহনীয়াই ধেমাজি জিলাৰ অন্তৰ্গত জোনাইৰ বেৰা চাপৰিত দ্বি খণ্ডিত কৰিলে মথাউৰি যাৰ ফলত প্লাৱিত হৈছে কুৰিখনৰো অধিক গাঁৱৰ লগতে বৃহত্তৰ বেৰাচাপৰি অঞ্চলত থকা একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন | ইয়াৰোপৰি বিদ্যালয়খন কেইটামান দিনৰ পাছতে চিয়াং নৈৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ সম্ভাৱনাই দেখা দিয়াত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, জলসম্পদ বিভাগৰ চৰম হেমাহি আৰু অৱহেলাৰ বাবেই আজি পৰ্যন্ত বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নহ'ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

চিয়াং নৈৰ ভয়ংকৰ খহনীয়া, জলসম্পদ বিভাগৰ চকু খোল খাব কেতিয়া ?

ABOUT THE AUTHOR

...view details