জোনাই, 28 মাৰ্চ :কোনে কয় ছোৱালী বা অকল মহিলাইহে তাঁতশালত বহি সপোন ৰচে । পুৰুষো যে তাৰ ব্যতিক্ৰম নহয়, এয়া বাস্তৱত ৰূপায়িত কৰিছে জোনাইৰ এজন কণমানি ল’ৰা শিপিনীয়ে । তাঁতশালত বহি মেখেলা-চাদৰৰ লগতে গামোচাত ভমকাফুলীয়া চানেকীৰে সকলোকে মুহিত কৰিছে জোনাইৰ এটি কণমানিয়ে (Jonai Youth Weaver weaves Mekhela Sador) ।
আমি কৈ থকা জোনাইৰ এই কিশোৰটিৰ নাম ৰাজ পেগু । জোনাইৰ তৰাজান গাঁৱৰ নিবাসী অমৃত পেগু আৰু জোনমণি পেগুৰ জ্যেষ্ঠ পুত্ৰ ৰাজ পেগু । নৱম শ্ৰেণীৰ ছাত্ৰ ৰাজ পেগুৱে সৰুৰে পৰাই তাঁতশালত বহি ৰচি আহিছে সপোন । ইতিমধ্যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় মেখেলা-চাদৰ আৰু গামোচাত ফুল বাচি উলিয়াইছে ৰাজ পেগুৱে (Weaver in Assam) ।
সৰুৰে পৰাই তাঁতশালত কাপোৰ বোৱা ৰাজ পেগুৱে পঢ়া-শুনাৰ সমানে বৈ উলিয়াইছে বিভিন্ন ৰং-বিৰঙী মেখেলা চাদৰ ৷ জোনাইৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজে বোৱা এই মেখেলা-চাদৰবোৰে সমাদৰ লাভ কৰি আহিছে । এই মেখেলা-চাদৰ বিক্ৰী কৰি পোৱা টকাৰে নিজৰ পঢ়াৰ খৰচৰ লগতে পোহপাল দি আহিছে পৰিয়ালটিক ।