অসম

assam

ETV Bharat / state

Meeting of Ganashakti in Jonai: স্থানীয় নেতাক বিধায়ক হিচাপে বিচাৰে সন্মিলিত গণশক্তিৰ তৃণমূল নেতাই - Meeting of Jonai block Ganashakti

সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসমৰ জোনাই ব্লক সমিতিৰ সম্প্রসাৰিত সভা আৰু শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন (Meeting of Jonai block Ganashakti)। ধেমাজি জিলাৰ মিছিং কৃষ্টি ভৱনৰ মুৰং ঘৰত শপত গ্ৰহণ সম্পন্ন ।

Meeting of Jonai block Ganashakti
নাৰী শক্তি অসমৰ জোনাই ব্লক সমিতিৰ সম্প্রসাৰিত সভা

By

Published : Mar 2, 2023, 10:45 PM IST

জোনাই, ২ মাৰ্চ: সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক সমিতিৰ সাধাৰণ সম্পাদক অতুল পেগুৱে ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ নাম নোলোৱাকৈ সমষ্টিটোত এগৰাকী স্থানীয় বিধায়কৰ প্ৰয়োজন বুলি মন্তব্য় কৰিছে । জোনাইত এগৰাকী স্থানীয় নেতাক বিধায়ক হিচাপে লাভ কৰাৰ প্ৰয়োজন হ'লে সন্মিলিত গণশক্তি,অসমৰ কেন্দ্ৰীয় সমিতিক হেঁচা দিব বুলি মন্তব্য কৰিছে সাধাৰণ সম্পাদক অতুল পেগুৱে । ধেমাজি জিলাৰ জোনাই মহকুমাত বুধবাৰে মিছিং কৃষ্টি ভৱনৰ মুৰং ঘৰত অনুষ্ঠিত কৰা সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসম দলৰ জোনাই ব্লক সমিতিৰ সম্প্রসাৰিত সভা আৰু শপত গ্ৰহণ অনুষ্ঠানত তেওঁ এইদৰে মন্তব্য় আগবঢ়ায় (Jonai block Ganashakti and Nari Shakti take oath) ৷

উল্লেখ্য় যে সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসম দলৰ জোনাই ব্লক সমিতিৰ সম্প্রসাৰিত সভা আৰু শপত গ্ৰহণ অনুষ্ঠান বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই সভাখনত সভাপতিত্ব কৰে সন্মিলিত গণশক্তি জোনাই ব্লক সমিতিৰ উপ সভাপতি কমলা শৰ্মাই (Meeting of Jonai block Ganashakti)। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলিত গণশক্তি জোনাই ব্লক সমিতিৰ সাধাৰণ সম্পাদক অতুল পেগুৱে । সন্মিলিত গণশক্তি অসম ,জোনাই ব্লক সমিতিৰ নৱ নিৰ্বাচিত সভাপতি হিচাপে ৰাজু মেদক আৰু সাধাৰণ সম্পাদক ৰূপে অতুল পেগুই শপতগ্ৰহণ কৰে ।

লগতে পঢ়ক:Fraud of company owners: কৰ্কট ৰোগত আক্ৰান্ত পিতৃৰ প্ৰাপ্য ধন বিচাৰি প্ৰতিষ্ঠানৰ গৰাকীৰ ঘৰৰ সন্মুখত প্ৰতিবাদত বহিল পুত্ৰ

আনহাতে, নাৰী শক্তি সমিতিৰ সভানেত্ৰী হিচাপে পদমিতি মিলিৰ লগতে সাধাৰণ সম্পাদিকা বিনীতা চাৰহৰসহ ১৪০ জনীয়া এখন পূৰ্ণাংগ কমিটী গঠন কৰা হয় । সন্মিলিত গণশক্তি ,অসমৰ কেন্দ্ৰীয় সমিতিৰ পৰা অহা পৰ্যবেক্ষক হিচাপে বীৰ বাহাদুৰ লিম্বু আৰু গীতাঞ্জলি বড়ি পাতিৰে শপত বাক্য পাঠ কৰায় । সভাখনৰ অন্তত সাধাৰণ সম্পাদক অতুল পেগুৱে কয় যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৬ বছৰ অতিক্ৰম কৰিলে যদিও আজিকোপতি জোনাই সমষ্টিবাসীয়ে এগৰাকী স্থানীয় বিধায়ক পাবলৈ সক্ষম নহ'ল । ভুৱন পেগু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক যদিও তেওঁ চিলাপথাৰৰ বাসিন্দা (MLA Bhuwan Pegu)। সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ ৰাইজ আজিও উন্নয়নৰ পৰা বঞ্চিত হৈ আছে । সেয়েহে ৰাইজে এগৰাকী স্থানীয় নেতাক বিধায়কৰ ৰূপত পাবলৈ আগ্ৰহী হৈছে ।

লগতে পঢ়ক:Himanta Biswa Sarma meets Conrad Sangma: মুখ্যমন্ত্ৰী শৰ্মাক গুৱাহাটীত গোপনে সাক্ষাৎ মেঘালয়ৰ কনৰাড চাংমাৰ

ABOUT THE AUTHOR

...view details