অসম

assam

By

Published : Apr 27, 2021, 12:19 PM IST

Updated : Apr 27, 2021, 12:51 PM IST

ETV Bharat / state

জোনাইত ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল

জোনাইত বিংশতম বৃহত্তৰ ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল ৷ এক প্ৰেছ বিবৃতি যোগে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই জনস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিহু সন্মিলনখন বাতিল কৰাৰ কথা প্ৰকাশ কৰে ৷

জোনাইত ৰঙালী বিহু সন্মিলনৰ কাৰ্য্যসূচী বাতিল
জোনাইত ৰঙালী বিহু সন্মিলনৰ কাৰ্য্যসূচী বাতিল

জোনাই, 27 এপ্রিল: শেহতীয়াকৈ ক'ভিড ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আয়োজিত হ’ব লগা বিংশতম বৃহত্তৰ জোনাই ৰঙালী বিহু সন্মিলনখনি বাতিল কৰা হৈছে ৷ এক প্ৰেছ বিবৃতিযোগে এই কথা ব্যক্ত কৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলৰ লগতে বিহু উদযাপন কমিটিয়ে ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ অৱনতিৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে জনস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া বিহু সন্মিলনখন বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে উদযাপন কমিটিয়ে ৷

জোনাইত ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল

বৃহত্তৰ জোনাই ৰঙালী বিহু সম্মিলনখনিৰ বাবে শুভাকাংক্ষীসকলে আগবঢ়োৱা বৰঙণিৰ পৰিমাণ হৈছে ৪৮, ৬২০ টকা । ইতিমধ্যে গোঁহাৰি, বেনাৰকে ধৰি অন্যান্য প্ৰস্তুতিৰ বাবদ ৪৫,০০০ টকা ব্যয় হৈছিল বুলি জানিবলৈ দিয়ে কমিটিখনে । বর্তমান উদযাপন সমিতিৰ হাতত থকা নগদ ৩,৬২০ টকা অহা বৰ্ষৰ বিহু সম্মিলনত ব্যয় কৰা হ'ব বুলি সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰে বিহু উদযাপন কমিটিয়ে ৷

লগতে পঢ়ক : কামৰূপ মহানগৰত ৮ মে' পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়

Last Updated : Apr 27, 2021, 12:51 PM IST

ABOUT THE AUTHOR

...view details