জোনাই, 23 অক্টোবৰঃআজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আছুৰ সাধাৰণ সভা ৷ ধেমাজি জিলা আছুৰ উদ্যোগত, জোনাই মহকুমা আছু আৰু জোনাই আঞ্চলিক আছুৰ লগতে জোনাই ৰাইজৰ সহযোগত জোনাইৰ টাবুৰাম টাইদ ক্ষেত্ৰত উলহ মালহ পৰিৱেশৰ মাজেৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভা ৷ সাধাৰণ সভাখনৰ আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে মূল তোৰণ মুকলি কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপচন্দ্ৰ পাৱই ৷ ইয়াৰ পিছতে টকাব চন্দ্ৰ মেদক সোঁৱৰণী মূল মণ্ডপ মুকলি কৰে জোনাইৰ মহকুমাধিপতি নিসৰ্গ হিৱৰে ৷
জোনাইত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা - jonai latest news
শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ প্ৰায় ২৯ খন জিলাৰ চাৰি হাজাৰ আছু প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে জোনাইৰ এই সাধাৰণ সভাখনত
ইয়াৰ লগতে মুকলি কৰে ডিৰাম কুম্বাং সোঁৱৰণী অতিথিশালা,ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা সোঁৱৰণী মূল মঞ্চ, মূৰং ঘৰ, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সোঁৱৰণী শ্বহীদ উদ্যান,গ্ৰন্থ মেলা,পৰম্পৰাগত খাদ্য মেলা আদি ৷ ইফালে কাইলৈ অৰ্থাৎ ২৫ অক্টোবৰত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে | শ্বহীদ তৰ্পণ কৰিব আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে | ইয়াৰ পিছতে উলিওৱা হ'ব এক সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ৷ এই শোভাযাত্ৰা উদ্ধোধন কৰিব উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যই ৷