অসম

assam

ETV Bharat / state

ফাগুন মানেই এক উন্মাদনা, এক মাদকতা, ফাগুণ মানেই আলি আয়ে লৃগাং - ফাগুন

ফাগুন মানেই এক উন্মাদনা, এক মাদকতা, ফাগুণ মানেই আলি আয়ে লৃগাং ৷ মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ হেঁপাহৰ আলি আয়ে লৃগাঙক জোনাইত আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি, আখৰা চলিছে গুমৰাগ নৃত্যৰ ৷

Jonai Ali AAi Ligang preparation
আলি আয়ে লৃগাঙক জোনাইত আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি

By

Published : Feb 16, 2020, 4:37 AM IST

জোনাই,১৩ ফেব্ৰুৱাৰী: আলি আঃয়ে লৃগাং অসমৰ মিচিং বা মিৰি জনজাতিৰ এক বসন্ত উৎসৱ ৷ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয় ৷ মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচা বুজায় ৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে ৷ মিচিংসকলে বিশ্বাস কৰে যে - দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব ৷ সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে ৷ এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় । ককালত টঙালি বান্ধি মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আ:য়ে লৃগাঙক আদৰিবলৈ মিচিং গাঁওসমূহত ব্যাপক প্ৰস্তুতি চলাইছে | অসমৰ লগতে অৰুণাচলৰ মিচিং বসতি প্ৰধান অঞ্চলসমূহত এই উদ্দেশ্যে ডেকা- গাভৰুসকলে তেওঁলোকৰ পৰম্পৰা প:ৰ আপং(চাই আপং) বনোৱা, নৈ বিলত মাছ ধৰা, তৰা পাত কাটি আনি পুৰাং আপিন বনোৱা, মাছ শুকুৱা লগতে নৃত্য-গীতৰ আখৰা আৰম্ভ কৰিছে । মিচিং ৰাইজে বিলত হাতে হাতে জুলুকি, চালনি জাল আদি লৈ মাছ মৰাত ব্যস্ত হৈ পৰিছে ৷ তদুপৰি মিচিং গাঁওসমূহত আলি আ:য়ে লৃগাঙৰ মূৰং ঘৰ সাজিবৰ বাবে মাংগলিক আৰু পৰম্পৰাগত বাবে লাইখুটা স্থাপন কৰা দেখা গৈছে ৷ মিচিং মহিলা সকলে মিবু গালোগ, ঐৰকগ (মিচিং মাফলাৰ), গেৰ , গনৰ: উগন মেখেলা চাদৰ গুমৰাগ নৃত্য দিবলৈ ৰিবি গাছেং, মিবু গালোক আদি ববলৈ তাঁতশালত মাকোৰ খিটখিটনি আদি পৰম্পৰাগত বিভিন্ন ৰং বিৰঙৰ কাপোৰ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ৷ এইদৰে মিচিং গাঁৱত প:ৰ আপং, পোৰাং আপিন আদি বনাবলৈও ওখল মাখল লাগিছে গাভৰু বোৱাৰীহতে । মিচিং সমাজৰ পুৰুষ সকলৰ চিকাৰীৰ দল চিকাৰলৈ, মাছমৰীয়াৰ দল জাকে জাকে মাছলৈ গৈছে । চিকাৰত পোৱা মাছ-মাংসবোৰ নষ্ট নহ’বৰ বাবে জুইত শুকান কৰি ৰখা সেইবোৰক ‘ঙচান’ অঙ আ:চান, (শুকান মাছ) আৰু আদিন আ:চান, (শুকান মঙহ) বুলি কোৱা হয় । আলি-আয়ে লৃগাঙত বিশেষভাৱে শুকান মাছ আৰু মাংসৰে তেল, মছলা নিদিয়াকৈ আঞ্জা সিদ্ধ কৰি খোৱা হয় । গৰখীয়া ল’ৰাবোৰে তৰণীবিহীন দেহাৰে তৰাপাত, কৌপাত গোটোৱা । প্ৰত্যেক ঘৰত অতি আন্তৰিকতাৰে আদা, মাহ, বিবিধ বনৰীয়া শাক, মাছ, মাংসৰ সংগ্ৰহ কৰা দেখা গৈছে ৷ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা এই উৎসৱটোত চন্দ্ৰ আৰু সূৰ্য দেৱতাকৰ পূজা কৰি আমচিদ চিদনাম অৰ্থাৎ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভণি কৰা হয় । নৈপৰীয়া মিচিংসকলে নিজৰ উপাচ্য দেৱতাসকলৰ ওচৰত আশীৰ্বাদ বিচাৰি নিজৰ শস্য পথাৰত যাতে কোনো অমংগল নহয় তাৰ কামনা কৰাৰ লগতে জীৱ-জন্তুৰো মংগল কামনা আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ শান্তি আৰু উন্নতিৰ কামনা কৰে । উল্লেখ্য যে জনগোষ্ঠীটোৰ লোকসকলে সম্পূৰ্ণ পৰম্পৰাগত ভাৱে আলি আ:য়ে লৃগাং উৎসৱ পালন কৰেl যুগ যুগ ধৰি চলি অহা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী আৰু চেমনীয়াসকল আনন্দিত হোৱা পৰিলক্ষিত হয় । মিচিং ডেকা গাভৰু সকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আলি আ:য়ে লৃগাঙৰ পৰাই আৰম্ভ কৰে । এই উৎসৱ পালন কৰি মিচিং জনগোষ্ঠীৰ লোকসকলে শস্য সিঁচা, আলু ৰোৱা খেতি আৰম্ভ কৰে ৷ লৃগাং উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী- বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি 'পুৰাং' আপিন সিজায় ৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে ৷ সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে ৷ পীঃৰৰ পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে ৷ এই অনুষ্ঠান গাঁৱৰ প্ৰতিঘৰতে সন্ধিয়া 'পাকছ-মনাম' নৃত্য কৰে ৷ এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে ৷ প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে ৷

আলি আয়ে লৃগাঙক জোনাইত আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details