জোনাই,১০ অক্টোবৰ:কৃত্ৰিম বানৰ কৱলত পৰিছে জোনাই সদৰ চহৰ(Artificial flood in Jonai town) । এজাক বৰষুণতে বুৰ গ'ল সদৰ চহৰখনৰ কেইবাটাও কাৰ্যালয় । আধাতে সামৰিব লগা হ'ল বিদ্যালয়ৰ পাঠদান ।
জোনাই সদৰত পৰিকল্পিত ভাৱে নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফলত এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় চৰকাৰী কাৰ্যালয় তথা বিদ্যালয় । যাৰ ফলত সোমবাৰে আধাতে জোনাই সদৰৰ মাজ মজিয়াত থকা জোনাই টাউন এম ই হিন্দী স্কুলখনৰ পাঠদান সামৰিব লগা হয়(School slump due to artificial flood) ।