ধেমাজি/জোনাই, 7 নৱেম্বৰ: কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Deuri Autonomous Council election) ৷ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সুকলমে অনিষ্ঠিত কৰিবলৈ সষ্টম হৈ পৰিছে সংশ্লিষ্ট জিলাসমূহৰ প্ৰশাসন ৷ ভোট কেন্দ্ৰলৈ ৰাওনাৰ বাবে সাজু হৈ উঠিছে নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষীসকল ৷
লগতে সাজু হৈ উঠিছে জোনাই মহকুমা প্ৰশাসনো ৷ এইবেলি জোনাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ৫ টা ভোট কেন্দ্ৰত ৯৬৮ জন ভোটাৰে ভোট দান কৰিব ৷ জানিব পৰা মতে, প্ৰতিটো ভোট কেন্দ্ৰতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ চাৰিজনকৈ নিৰ্বাচনী বিষয়া আৰু ৬ জনকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ৷
২০ জনকৈ নিৰ্বাচনী বিষয়া আৰু ৪০ জন নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৷ মুঠৰ ওপৰত আগন্তুক দেউৰী নিৰ্বাচনৰ বাবে সাজু জোনাই মহকুমা প্ৰশাসন (Jonai Administration ready for DAC Election 2022) ৷
ধেমাজি সদৰ মহকুমা অধীনৰ চাৰিটা সমষ্টি ক্ৰমে বৰদলনি , গোগামুখ, চিৰিপানি আৰু চিচিবৰগাঁও মুঠ ১৬টা ভোটকেন্দ্ৰত ৮০৯৩ গৰাকীয়ে ভোটাধিকাৰ সাৱ্যস্ত কৰিব ৷ সেয়ে আজি পুৱাৰে পৰা ধেমাজি গ্ৰামোন্নয়ন অভিকৰন কাৰ্যালয়ৰ প্ৰাংগণত জিলা প্ৰশাসনে ভোট কেন্দ্ৰত প্ৰয়োজনীয় বেলট পেপাৰসহ আনুসংগিক সামগ্ৰীসমূহ পুনৰীক্ষণ কৰি বিতৰণ কৰিছে পুলিং আৰু পিজাইডিং বিষয়াসকলক ৷