জোনাই,৩০ছেপ্টেম্বৰ: কৰ'ণা মহামাৰীৰ ভয়াৱহতা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজনৰ আহ্বান জনাইছে জোনাই মহকুমা প্ৰশাসনে । বুধবাৰে জোনাই মহকুমা প্ৰশাসনে পূজা কমিটীৰ বিষয়ববীয়াৰে হোৱা এখন বৈঠকত মিলিত হৈ এলানি নিৰ্দেশাৱলী জাৰি কৰিছে । দণ্ডাধীশ প্ৰীতম কুমাৰ দাস আৰু জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱাৰ লগতে মহকুমাধিপতি জিমলি শইকীয়া কাকতিও বৈঠকত উপস্থিত থাকে । চৰকাৰৰ নিৰ্দেশনা মানি চলি দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই পূজা মণ্ডপত প্ৰতিষ্ঠা কৰা দেৱী প্ৰতিমাৰ আকাৰৰ ওপৰতো বিশেষ নিয়ম বান্ধি দিয়ে ।
দুৰ্গা পূজাৰ প্ৰাক-ক্ষণত বিশেষ নিৰ্দেশনাৱলী জোনাই মহকুমা প্ৰশাসনৰ
কৰ'ণাৰ সংকটকালত শাৰদীয় দুৰ্গোৎসৱৰ অনুষ্ঠিত কৰাক লৈ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে জোনাই মহকুমা প্ৰশাসনে । জাক-জমকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ পূজা আয়োজন কৰিবলৈ পূজা কমিটীসমূহক প্ৰশাসনে আহ্বান জনাইছে। আনকি পূজা মণ্ডপত প্ৰতিষ্ঠা কৰা দেৱী প্ৰতিমাৰ আকাৰৰ ওপৰতো বান্ধি দিয়া হৈছে বিশেষ নিয়ম।
যদিহে কোনো পূজা কমিটীয়ে প্ৰতিমা প্ৰতিষ্ঠা কৰি পূজা আগবঢ়াব বিচাৰে তেন্তে সৰু প্ৰতিমা ৰাখিবলৈ অনুমতি দিছে প্ৰশাসনে । পূজা কমিটীয়ে প্ৰতিমা বিসৰ্জন দিয়াৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে । কৰ'ণা মহামাৰী আতংক অব্যাহত থকা সময়লৈকে মণ্ডপৰ ভিতৰতে বেৰৰ ব্যৱস্থা কৰি প্ৰতিমা ৰাখিব লাগিব পূজা কমিটীয়ে ৷ আনহাতে, জাক-জমকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ ঘট পূজা আয়োজন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে ।
ঘট পূজা আয়োজন কৰাসকলে বিসৰ্জন কৰিব পাৰিব যদিও অধিক লোকে অংশগ্ৰহণ নোৱাৰিব ৷ ইয়াৰ উপৰিও পূজাৰীৰ লগতে পূজা কমিটীৰ সদস্যসকলে আগতীয়াকৈ ৰেপিড টেষ্ট কৰাব লাগিব । লগতে মাস্ক পিন্ধা আৰু চেনিটাইজাৰ পূজা মণ্ডপত ৰখাটো বাধ্যতামূলক কৰা হৈছে ৷ পূজা মণ্ডপত পূজাৰীৰ সৈতে ৩০ জন ভক্ত উপস্থিত থকাৰ অনুমতি দিছে প্ৰশাসনে ৷ দুৰ্গা পূজাৰ প্ৰাক-ক্ষণত প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশনাসমূহ মানি চলিহে এইবাৰৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিব পাৰিব পূজা কমিটীসমূহে।