অসম

assam

ETV Bharat / state

আগন্তক ৭২ ঘণ্টাত ৰাজ্যত প্ৰৱল বৰষুণৰ সম্ভাৱনা - contact police

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰা আগজাননী অনুসৰি আগন্তক ৭২ ঘণ্টাত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে জোনাইতো প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমা প্ৰশাসনে ঘোষণা কৰিছে কেতবোৰ পৰামৰ্শৰে এক সতৰ্কবাণী ।

jonai administration give alert warning  due to coming heavy rainfall
আগন্তক ৭২ ঘণ্টাত প্ৰৱল বৰষুণৰ সম্ভাৱনা : জোনাইত মহকুমা প্ৰশাসনৰ সতৰ্কবাণী

By

Published : Jul 8, 2020, 11:59 PM IST

জোনাই,৮ জুলাই : জোনাই ৰাজহ চক্ৰ বিষয়াই জাৰি কৰা সতৰ্ক বাণীত এই সময়ছোৱাত নদীত মাছ ধৰা কাৰ্যৰ পৰা বিৰত থকাৰ লগতে হাত নাও ব্যৱহাৰ নকৰিবলৈকো জনাইছে আহ্বান । তদুপৰি শিশু সকলক পুখুৰীত গা-ধোৱা, সাঁতোৰা আদি কাৰ্যৰ পৰাও বিৰত ৰাখিবৰ বাবে জাননী খনত উল্লেখ কৰিছে । ইয়াৰোপৰি ঘৰচীয়া পশু-পক্ষী সমূহ ওখ ঠাইত ৰখাৰ ব্যৱস্থা কৰা, ঘৰৰ ভিতৰত সহজে পোৱাকৈ টৰ্চ লাইট, জুই শলা, খোৱা পানী আদি পৰ্যাপ্ত পৰিমাণে মজুত ৰখা, অত্যন্ত জৰুৰী নহ'লে কোনো কাৰণতে বাঢ়নী পানী, নদী, ঘাট পাৰ হ'বলৈ চেষ্টা নকৰিবলৈ সতৰ্কবাণী খনত সকলোলৈকে আগবঢ়াইছে পৰামৰ্শৱলী ।

জোনাইত মহকুমা প্ৰশাসনৰ সতৰ্কবাণী

সেইদৰে ৰাতি কোনো কাৰণতে পানীলৈ নাযাবলৈকো কোৱা হৈছে নিৰ্দেশনাটোত । ঘৰত কোনো ৰুগীয়া ব্যক্তি থাকিলে চিকিৎসক, নাৰ্চ অথবা আশাকৰ্মীৰ লগত পূৰ্বেই যোগাযোগ কৰিবলৈ কোৱা হৈছে, যাতে ৰাতি চিকিৎসালয়লৈ অহাযোৱা কৰিবলগীয়া নহয় । আনহাতে যিকোনো ধৰণৰ বান সম্পৰ্কীয় ঘটনাৰ বাবে তাৎক্ষণিকভাৱে গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰ, পঞ্চায়ত, সভাপতি, লাট মণ্ডল অথবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ প্ৰশাসনে জনাইছে আহ্বান । লগতে বান সম্পৰ্কীয় জৰুৰী খবৰৰ বাবে জিলা হেল্পলাইন নম্বৰ ১০৭৭ অথবা ৭৫৭৭০৩৫৬৩৯ (WhatsApp) নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনালে জোনাই প্ৰশাসনে ।

লগতে পঢ়ক :প্ৰলয়ংকাৰী বানত প্লাৱিত জোনাইৰ বহু গাঁও

ABOUT THE AUTHOR

...view details