জোনাই, 13 অক্টোবৰঃ ধেমাজি জিলা আছুৰ উদ্যোগত জোনাই মহকুমা আছু আৰু জোনাই আঞ্চলিক আছু আৰু জোনাই ৰাইজৰ সহযোগত অহা 23 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ জোনাইত অনুষ্ঠিত হ’ব আছুৰ সাধাৰণ সভা | ইতিমধ্যে সভাখন সফল কৰি তুলিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি সংবাদমেলযোগে অৱগত কৰে জোনাই আছুৰ অভ্যৰ্থনা সমিতিয়ে ৷
প্ৰায় চাৰি হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সাধাৰণ সভাখনত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ এশটা সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, ৰাজ্যিক ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা, যশস্বী আৰু জনপ্ৰিয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান, বক্তৃতা অনুষ্ঠান, আলোচনা চক্ৰ, মুকলি সভা আদি কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব ৷ ইতিমধ্যে সভাখনক লৈ আশী শতাংশ কাম-কাজ সম্পূৰ্ণ কৰি তোলা হৈছে ৷
প্ৰস্তুতি সদৌ অসম ছাত্ৰ সন্থা জোনাইৰ সাধাৰণ সভাৰ উল্লেখ্য যে, এই সাধাৰণ সভাখনৰ জৰিয়তে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাইক জিলা হিচাপে ঘোষণা কৰা, পৱা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভ্যয়াৰণ্য হিচাপে ঘোষণা কৰা, আছুৰ জোনাই সাধাৰণ সভাখন প্লাষ্টিক মুক্তকৰণ কৰা, মাদক দ্ৰব্য নিষিদ্ধ উপৰি জোনাইৰ বান খহনীয়াৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কয় উদ্যোক্তাই ৷
এই অনুষ্ঠানৰ প্ৰতিটো নিশাত আয়োজন কৰা হ’ব সাংস্কৃতিক কাৰ্যসূচী ৷ য’ত অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ কন্ঠশিল্পী যেনে- পৰেশ পাংগিং, মল্লিকা শইকীয়া, সৰ্বেশ্বৰ কাৰ্দং, পবা গৌৰৱ নৱকিশোৰ টাৱ, আৰ্জন বসুমতাৰী, তৰাৱতী মিলি বৰি, নীল আকাশ, আচুৰ্য্য বৰপাত্ৰ, ৰাকেশ ৰিয়ান, বিনোদ বায় পেগু, গীতালি কাকতি, দীপলীনা ডেকা, জীনা ৰাজকুমাৰী, মৌচুমী গগৈ, গৌতম কোঁৱৰ, পংকজ বৰাৰ লগতে অন্তিম নিশা ঐ আপ্লুন গনেশ পেগু সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গ, তৰুলতা কুটুম আৰু বিৰাজ মুছাহাৰীয়ে গীত পৰিৱেশন কৰিব |