অসম

assam

ETV Bharat / state

ধেমাজি প্ৰেছ ক্লাৱত অজনজাতীয় সংগঠনৰ যৌথ সংবাদমেল - আহোম জাতীয় গণ মঞ্চ

জোনাই মহকুমা সমষ্টি আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ চিচিটঙানি নামেৰে এটা জনজাতি বেল্ট গঠন কৰাৰ চৰকাৰৰ সিদ্ধান্তক সমালোচনা সংগঠনসমূহৰ । জনসংখ্যা অনুপাতে অজনজাতীয় লোকৰ সংখ্যা বেছি হোৱা স্বত্বেও চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাত ক্ষোভিত হৈ পৰে অজনজাতীয় সংগঠনসমূহ ।

non tribal organizations
ধেমাজি প্ৰেছক্লাৱত অজনজাতীয় সংগঠনৰ যৌথ সংবাদমেল

By

Published : Sep 26, 2021, 4:49 PM IST

ধেমাজি,২৬ ছেপ্টেম্বৰ :ধেমাজি জিলাৰ খিলঞ্জীয়া অজনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত পুনৰ সৰৱ একাংশ দল-সংগঠন । শনিবাৰে ধেমাজি প্ৰেছ ক্লাৱত সংবাদমেলযোগে ক্ষোভ উজাৰে কেইবাটাও সংগঠনে । সংবাদমেলত সংগঠনৰ নেতৃত্বই সদৰি কৰা মতে ধেমাজি জিলাত বাস কৰা মুঠ জনসংখ্যাৰ ৫৩ শতাংশই অজনজাতীয় লোক । তাৰ বিপৰীতে মাত্ৰ ৪৭ শতাংশ জনজাতীয় লোকে বাস কৰি অহাৰ পাছতো ইতিমধ্যে জোনাই মহকুমা সমষ্টিক জনজাতি বেল্ট (Tribal belt) হিচাপে আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ চিচিটঙানি নামেৰে এটা জনজাতি বেল্ট গঠন কৰি ইতিমধ্যে নটিফিকেচন পাছ কৰিছে চৰকাৰে ।

ইয়াক অনুমোদনৰ বাবে ধেমাজিত অহা ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা কেবিনেটত উত্থাপন কৰি চৰকাৰীভাৱে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ সেয়ে ধেমাজি জিলাত বাস কৰা অজনজাতীয় লোকসকলে একত্ৰিত হৈ এই বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ অতি সোনকালে অসম চৰকাৰে এই অজনজাতীয় লোকসকলক সুৰক্ষা নিদিয়া আইনখনক বাতিল কৰিবলৈ অথবা কেবিনেটত ঘোষণা নকৰিবলৈ সংবাদমেলৰ জৰিয়তে উপস্থিত সংগঠনৰ নেতৃত্বতই দাবী জনাইছে ৷

সংবাদমেলত উপস্থিত থাকে টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি দুলাল বৰুৱা, জিলা সভাপতি বাবুল বুঢ়াগোহাঁই আৰু অন্যান্য বিষয়-ববীয়া । চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত দাবী সমিতি, আহোম জাতীয় গণ মঞ্চৰ উপদেষ্টা গোলাপ গগৈ, চুতীয়া জাতি সংগঠনৰ বিষয়-ববীয়াসকলেও অংশগ্ৰহণ কৰে সংবাদমেলত ।

তেওঁলোকে উল্লেখ কৰা মতে কোনো ৰাজহুৱা শুনানি অবিহনে ধেমাজি জিলাৰ ৫৩ শতাংশ ৰাইজক চকুত ধূলি দি ৰাজ্য চৰকাৰে জনজাতি বেল্ট গঠন কৰিব বিচৰিছে । অ-জনজাতীয় দল-সংগঠনে চৰকাৰৰ এই ৰাজনৈতিক সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে । ধেমাজি সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি,অন্যান্য পিছপৰা শ্ৰেণী দপ্তৰৰ মন্ত্ৰী ড৹ ৰণোজ পেগু আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ অজনজাতি বিৰোধী ষড়যন্ত্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

সংবাদমেলত অংশগ্ৰহণ কৰি আহোম গণ মঞ্চৰ উপদেষ্টা গোলাপ গগৈয়ে চৰকাৰৰ এই অজনজাতি খিলঞ্জীয়া বিৰোধী চৰিত্ৰক সমালোচনা কৰে আৰু ধেমাজি জিলাৰ জোনাই মহকুমাৰ অজনজাতি ৰাইজে যুগ যুগ ধৰি বসবাস কৰি অহাৰ পাছতো বৰ্তমানলৈকে অ-জনজাতি ৰাইজক মাটিৰ পট্টা প্ৰদান নকৰা কাৰ্যক ক্ষূৰধাৰ সমালোচনা কৰে ৷

লগতে পঢ়ক:চুঙাজানত হেৰ’ইনসহ আটক বহিঃৰাজ্যৰ যুৱক

ABOUT THE AUTHOR

...view details