অসম

assam

ETV Bharat / state

Mega river dam controversy: চিয়াং-ডিবাং বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতাৰে যৌথ সভা

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অল আদি ৱেলফেয়াৰ ছ'চাইটি, চিয়াং ইণ্ডিজিনিয়াচ ফাৰ্মাৰ ফ'ৰামৰ যৌথ সভা । এই সভাত চিয়াং আৰু ডিবাং বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধৰ দাবী জনাই হুংকাৰ চৰকাৰক ।

Hydropower projects in Siang and Dibang rivers
চিয়াং আৰু ডিবাং নদীত জলবিদ্যুত প্ৰকল্পৰ নামত বৃহৎ নদীবান্ধ নিৰ্মাণ !

By

Published : Aug 5, 2023, 12:51 PM IST

চিয়াং আৰু ডিবাং নদীত জলবিদ্যুত প্ৰকল্পৰ নামত বৃহৎ নদীবান্ধ নিৰ্মাণ !

জোনাই, ৫ আগষ্ট:চুবুৰীয়া অৰুণাচল প্ৰদেশৰ চিয়াং আৰু ডিবাং নদীত জলবিদ্যুত প্ৰকল্পৰ নামত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিব লোৱা সন্দৰ্ভত শুকুৰবাৰে জোনাই আৱৰ্ত ভৱনত অল আদি ৱেলফেয়াৰ ছ'চাইটি, চিয়াং ইণ্ডিজিনিয়াছ ফাৰ্মাৰ ফ'ৰাম আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত গুৰুত্বপূৰ্ণ যৌথ সভা এখন অনুষ্ঠিত কৰা হয় ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত মিলি ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীত ছহেজাৰ আৰু চাৰি হেজাৰ দহ হাজাৰ মেগাৱট বিদ্যুত উৎপাদনক্ষম দুটা বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে উজনি চিয়াঙৰ দিতে-দিমে এলেকাত জৰীপ চলাবলৈ তৎপৰ হৈ পৰিছে । ইপিনে, ল'ৱাৰ ডিবাং জিলাৰ ডিবাং নদীত ২,৮৮০ মেগাৱট বিদ্যুত উৎপাদনক্ষম আন এক বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে এন এইছ পি চিয়ে ব্যাপক তৎপৰতাৰে ইতিমধ্যে কাম আৰম্ভ কৰিছে ।

উক্ত সভাত অল আদি ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি ডাঃ তাকেং তাগ্গুৱে কয়," চিয়াং বৃহৎ নদীবান্ধে চিয়াং অৱবাহিকাৰ সভ্যতা-সংস্কৃতি আৰু জীৱ-বৈচিত্ৰ্য আৰু সমৃদ্ধ পাৰিপাৰ্শ্বিক সম্পূৰ্ণৰূপে ধ্বংস কৰিব।" চিয়াং ইণ্ডিজিনিয়াচ ফাৰ্মাৰ ফ'ৰামৰ সম্পাদক দুঙ লৃবাঙে ২০১২ চনৰ পৰা চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কয়,"ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ এচাম নেতাক মেনেজ কৰি চৰকাৰে চিয়াং নদীত বৃহৎ নদীবান্ধ নিৰ্মাণৰ কছৰত কৰিছে ।" চিয়াং ইণ্ডিজিনয়াচি ফাৰ্মাৰ ফ'ৰামৰ উপদেষ্টা আনং জাংকে কয়," চিয়াং নদীৰ বৃহৎ নদীবান্ধ প্ৰকল্পই চিয়াং অৱবাহিকাৰ বিশেষকৈ আদি জনগোষ্ঠীৰ বাসভূমি, কৃষিভূমি আৰু জীৱ-বৈচিত্ৰ্য সম্পূৰ্ণৰূপে ধ্বংস কৰিব ।"

ডিবাং ডেম ডাউন ষ্টিম এফেক্ট কমিটীৰ ভানু তাকাকে ডিবাং বৃহৎ নদীবান্ধে নমনি এলেকাত জনজীৱন আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত পৰিব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে বক্তব্য আগবঢ়ায় । এই সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে লোক শুনানি গ্ৰহণ নকৰাকৈ চিয়াং আৰু ডিবাং নদীত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাক সম্পূৰ্ণ বিৰোধ কৰে । চিয়াং আৰু ডিবাং অৱবাহিকাৰ সভ্যতা-সংস্কৃতি, জীৱ-বৈচিত্ৰ্য আৰু নামনিবাসী ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সদায় আপোচহীন সংগ্ৰাম কৰি যাব বুলি মন্তব্য কৰে ।

সভাখনত অল আদি ৱেলফেয়াৰ ছ'চাইটি, চিয়াং ইণ্ডিজিনিয়াচ ফাৰ্মাৰ ফ'ৰামৰ কৰ্মকৰ্তা বিতম জাংকু, দুংগে আপাং, আনং জাংকে, দূতিন জিজাং, দুকেন লৃবাং, অমন পাঞাং, জিং বক, তানুৰাম মিঞে, তাকেং জামিৰ, অপাং বক, তাগিং তানক, অলুম টাকু,অমক পাদুন, সমাজকৰ্মী কেশৱ কৃষ্ণ সত্ৰধৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি দেৱজিত দাস, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সম্পাদক হিতেশ বাইলুং, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা, উপ-সভাপতি দিব্যজ্যোতি কোঁৱৰ, সহকাৰী সম্পাদক নয়নজ্যোতি গগৈৰ লগতে বহু কৰ্মকৰ্তাই উপস্থিত থাকে ।

ইপিনে, সভাৰ পিছত এক সংবাদমেল আয়োজন কৰি বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনকাৰীসকলে যৌথ সভাৰ সিদ্ধান্ত সদৰী কৰে । যৌথ সভাই চিয়াং নদীৰ বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰা, প্ৰকল্প এলেকাৰ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সদৰী কৰে। ইপিনে, ডিবাং নদীৰ বৃহৎ নদীবান্ধ নিৰ্মাণ শীঘ্ৰে বন্ধ কৰাৰ লগতে বান্ধৰ অসম-অৰুণাচলৰ নামনি এলেকাত পুনৰ লোক শুনানি গ্ৰহণ কৰা আৰু জনজীৱন আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱৰ ওপৰত পুনৰ জৰীপ কৰিবলৈ দাবী জনায় । আনহাতে, চিয়াং বৃহৎ নদীবান্ধৰ সম্পৰ্কত অধিক অধ্যয়ন আৰু আলোচনাৰ বাবে গেকুত আৰু ডিবাং বান্ধৰ সন্দৰ্ভত আলোচনাৰ বাবে শান্তিপুৰত শীঘ্ৰে যৌথ সভা দুখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:Japanese encephalitis: মৰাণত জাপানীজ এনকেফেলাইটিছৰ আতংক

For All Latest Updates

ABOUT THE AUTHOR

...view details