অসম

assam

ETV Bharat / state

Joinning Programme of Ganashakti Party : প্ৰাক্তন আছু নেতাসহ শতাধিক লোকৰ গণশক্তিত যোগদান - ৰাজনৈতিক দল

শনিবাৰে চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাংগনত দিনজোৰা কাৰ্যক্ৰমণিকাৰে সন্মিলিত গণশক্তি, অসমৰ এখনি বিশাল প্রতিনিধি সভা অনুষ্ঠিত হয় ৷ প্ৰাক্তন আছুকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক ব্যক্তিয়ে গণশক্তি দলত যোগদান কৰে ৷

Joinning Programme of Ganashakti Party
গণশক্তি দলত যোগদান শতাধিক ব্যক্তিৰ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 9:44 PM IST

সন্মিলিত গণশক্তি, অসমৰ প্রতিনিধি সভা

জোনাই, ৭ অক্টোবৰ : সন্মিলিত গণশক্তি, অসমৰ চিচিবৰগাঁও খণ্ড আৰু জোনাই খণ্ডৰ উদ্যোগত জোনাই জিলা শক্তি গঠনৰ উদ্দেশ্যে শনিবাৰে চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাংগনত দিনজোৰা কাৰ্যক্ৰমণিকাৰে এখনি বিশাল প্রতিনিধি সভা অনুষ্ঠিত হয় ৷ এই সভাত প্ৰাক্তন আছুকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক ব্যক্তিয়ে গণশক্তি দলত যোগদান কৰে ৷

সভাৰ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই অভিযানৰ পিছত দলীয় পতকা উত্তোলন কৰে জোনাই খণ্ডৰ সভাপতি ৰাজু মেদক আৰু চিচিবৰগাঁও খণ্ডৰ সভাপতি দেৱ পেগুৱে ৷ ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি কুশল বৰগোহাঁইয়ে ৷ দিনৰ ১০ বজাত বৰগীতেৰে প্ৰতিনিধি সভাৰ শুভাৰম্ভ কৰা হয় ৷ প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজেন বৰুৱাই ৷ সভাত জোনাই আৰু চিচিবৰগাঁও খণ্ডৰ সম্পাদকদ্বয়ে প্ৰতিবেদন পাঠ কৰে ৷

জোনাই সমষ্টিৰ ৩২ খন গাঁও পঞ্চায়তৰ দুই সহস্ৰাধিকৰো অধিক প্ৰতিনিধি উপস্থিত থকা সভাত সন্মিলিত গণশক্তি, অসম দলৰ সভাপতি পৰমানন্দ চায়েঙীয়াই কয় যে নিৰ্বাচনৰ বাবে প্ৰতিনিধি প্ৰক্ষেপ কৰাটো লক্ষ্য নহয় ৷ সমস্যা সমাধান কৰাটোহে সন্মিলিত গণশক্তিৰ মূল উদ্দেশ্য ৷ যি দলে সমস্যা সমাধান কৰিব সেই দলকে সমৰ্থন দিব তেওঁলোকে ৷ গণশক্তি দল আদৰ্শৰ পৰা কেতিয়াও বিচলিত হোৱা নাই বুলি মন্তব্য কৰে গণশক্তিৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷

একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে কয় ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰা সম্মিলিত গণশক্তি, অসম দলৰ জোনাই আৰু চিচিবৰগাঁও লগ লাগি জোনাই জিলা শক্তি গঠনৰ বাবে এই বিশাল সভা অনুষ্ঠিত কৰা হৈছে বুলি মন্তব্য কৰে ৷ লগতে গণশক্তিৰ কোনো লোকে অন্য দলত যোগদান নকৰে বুলি কয় তেওঁ ৷ বৰঞ্চ আজি কংগ্ৰেছ দলৰ পৰা ১৫০ জন আৰু বহু প্ৰাক্তন আছু কৰ্মীয়ে দলৰ নীতি-আদৰ্শৰ প্ৰতি সঁহাৰি জনাই গণশক্তিত যোগদান কৰা বুলি কয় ৷

ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা তিনি সহস্ৰাধিক লোকে এই বিশাল সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ এই সভাতেই চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দেব বৰুৱা, প্ৰাক্তন সম্পাদক ধ্ৰৱজ্যোতি চুতীয়া, প্ৰাক্তন উপ-সভাপতি জয়দ্বীপ বৰগোঁহাই, প্ৰাক্তন সাংগঠনিক সম্পাদক মনোৰঞ্জন বৰুৱা, প্ৰাক্তন সদস্য জয়ন্ত চুতীয়া, জীতুল গয়াৰী, উপেন্দ্ৰ চৌধুৰী, ধন গগৈ, মৃনাল শইকীয়া, আৰু কংগ্ৰেছ দলৰ লগতে বিভিন্ন দলৰ মুঠ ১৫০ গৰাকী কৰ্মীয়ে সন্মিলিত গণশক্তি অসমত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

সভাত আমন্ত্ৰিত অথিতি হিচাপে উপস্থিত থাকে সন্মিলিত নাৰী শক্তিৰ সভানেত্ৰী ভৱানী দুৱৰা, সন্মিলিত শ্ৰমিক শক্তি, অসমৰ সভাপতি ননী অধিকাৰী, সন্মিলিত কৃষক শক্তি, অসমৰ প্ৰতাপ টায়ে, জোনাই খণ্ডৰ সভাপতি ৰাজু মেদক, চিচিবৰগাঁও খণ্ডৰ সভাপতি দেৱ পেগু, কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক জহান দলে, অতুল পেগু, নৰেশ কুম্বাঙৰ লগতে বহু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৷

লগতে পঢ়ক :Keshab Mahanta in Majuli : অসহায় মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ- মাজুলীলৈ চিকিৎসক নাহে

ABOUT THE AUTHOR

...view details