ধেমাজি,৩০ এপ্ৰিল: শনিবাৰে ধেমাজিৰ তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানত ধেমাজি জিলা ভাৰতীয় জনতা যুৱ মৰ্চা উদ্যোগত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কাৰ্যসূচী (Joining Program in Dhemaji) । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই । ৰাজ্যিক সভাপতিগৰাকীৰ উপস্থিতিত ভালে সংখ্যক লোকে যোগদান কৰে বিজেপিৰ যুৱ মৰ্চা দলত (Joining Program of Bharatiya Janata Yuva Morcha in Dhemaji) ।
যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সিদ্ধাংকু অংকুৰ বৰুৱাই তীক্ষ্ণ সমালোচনাৰে থকা-সৰকা কৰে কংগ্ৰেছক (Sidhuanku Ankur Baruah slams Congress) । তেওঁ কয় যে কংগ্ৰেছ দল এতিয়া এটা নচলা পইচা । বৰ্তমান কংগ্ৰেছ দলত সুৰক্ষিত নহয় নাৰী । নাৰী শক্তিক অপমান কৰা দল এটাৰ প্ৰতি নতুন প্ৰজন্মই আকৰ্ষিত নহৈ এতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতি আকৃষ্ট হোৱা বুলি উল্লেখ কৰে বৰুৱাই (Sidhuanku Ankur Baruah on Angkita Dutta) ।
লগতে তেওঁ কয় যে অচিৰেই অসমৰ এজন জনপ্ৰিয় শিল্পীও বিজেপিৰ জনতা যুৱ মৰ্চাত যোগদান কৰিব ৷ আজিৰ যুৱ প্ৰজন্মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰ্দশৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব পাৰে । জাতীয়তাবাদৰ লগতে ৰাষ্ট্ৰীয়তাবাদৰ ভেটী প্ৰতিষ্ঠা কৰি অসমীয়াৰ স্বাভিমান জিলিকাব বিচাৰে বুলিও উল্লেখ কৰে বৰুৱাই ৷